ধুবুৰীত দুর্গাপূজাৰ সময়ত থাকিব শ্বুট এট ছাইট অৰ্ডাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বেদখল উচ্ছেদ অভিযান আৰু সন্দেহযুক্ত লোকক লৈ ৰাজ্যত চলি থকা নানান বিতর্ক, চৰ্চাৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা-দুর্গাপূজাত ধুবুৰীত কোনোবাই গণ্ডগোল কৰিলে বিপদ হ’ব। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শৰ্মাই ধুবুৰীৰ পৰিস্থিতি সন্দৰ্ভত কয়-ধুবুৰীত এতিয়া কোনো উৎপাত নাই, কোনো গণ্ডগোল নাই। দুর্গাপূজাৰ সময়তো শুট এট ছাইট অৰ্ডাৰ থাকিব। আমি এই অৰ্ডাৰ প্ৰত্যাহাৰ কৰা নাই, চলি আছে। গতিকে ধুবুৰীত গণ্ডগোল কৰিলেই বিপদ আছে। ইফালে উচ্ছেদৰ প্ৰসংগত আজি মুখ্যমন্ত্রী ড° শর্মাই কয়- উচ্ছেদে মানুহক ভাল কথা শিকাই আছে। বনাঞ্চল বেদখল কৰা লোককহে উচ্ছেদ কৰা হৈছে। দৰাচলতে মিএাসকলক মৰম কৰাত কোনো আপত্তি নাই। ময়েই তেওঁলোকক নিযুত মইনা দিছোঁ, অৰুণোদয় দিছোঁ। কিন্তু সকলোকে ভাল ৰাস্তা দেখুওৱাটো আমাৰ দায়িত্ব। ফৰেষ্টত সোমাব নালাগে, পিজিআৰ-ভিজিআৰত সোমাব নালাগে, য’ত ঘৰ আছে তাতেই থাকক, উজনিলৈ যাব নালাগে, উত্তৰ অসমত যাব নালাগে। শিলচৰৰ পৰা লখিমপুৰলৈ যোৱাৰ কোনো প্রয়োজন নাই। আমাৰ অসমীয়া লোকসকলতো এনেদৰে নাযায়। চাকৰি সূত্ৰে গ’লেও পুনৰ নিজ ঠাইলৈ ঘূৰি আহে। সেয়ে উচ্ছেদে ভাল কথা শিকাই আছে। ধুবুৰী, গোৱালপাৰাততো উচ্ছেদ হোৱা নাই। ফৰেষ্টতহে উচ্ছেদ হৈছে, ৰাজহ মাটি, চৰত উচ্ছেদ হোৱা নাই। আজি বনাঞ্চল ধ্বংস কৰাৰ বাবেই আমি উত্তাপৰ সন্মুখীন হ’বলগা হৈছে। আজি দীঘলীপুখুৰীৰ এডাল গছ কাটিলে হুলস্থূল লগোৱাসকলে মিঞাই বনাঞ্চলত হাজাৰ হাজাৰ গছ কাটোতে একো কোৱা নাই। বনাঞ্চলত কোনো লোক থাকিব নোৱাৰে। এয়া আইনৰ কথা। এই আইন কংগ্রেছে বনাইছে। গতিকে আমাৰ কথাটো ভাল কথা, আমাৰ কথা যিয়ে মানি ল’ব, তাৰ ভাল হ’ব। যিয়ে আমাৰ কথা নুশুনি অজিত ভূঞা, লুৰিণজ্যোতি গগৈ, পৰেশ মালাকৰ, হীৰেন গোহাঁইৰ ঘোঁৰাত উঠিব তাৰ এক্সিডেন্ট হ’ব। যিসকলে ১৯৭১ চনৰ আগতে আহিছে, তেওঁলোকৰ লগত আমাৰ কোনো শত্রুতা নাই। ‘৭১ৰ আগত অহাসকলক অসমীয়াই আদৰি লৈছে। গতিকে যিসকল সদায়ে সীমা অতিক্রম কৰি আহি আছে, তেওঁলোকক মিঞাসকলেও সোমাব দিব নালাগে। যিহেতু ‘৭১ৰ আগৰবোৰৰ লগত আমাৰ কোনো সমস্যা নাই, ‘৭১ৰ পিছৰসকলক বাধা দিব লাগে। একমাত্র মিঞাকে উচ্ছেদ কৰা নাই, উৰিয়ামঘাটত হোৱা উচ্ছেদত বেলেগ জাতি-জনগোষ্ঠীৰ লোকসকলো উঠি আহিছে। আজি প্রতিবাদ মিঞা মানুহখিনিয়ে কৰে, তেওঁলোকে আইন মানিব নোখোজে। ভাৰত এখন আইনৰ ওপৰত প্ৰতিষ্ঠিত দেশ। গতিকে আইন নামানিলে নহ’ব।