ধীৰেনপাৰাত জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা

ধীৰেনপাৰাত জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্দেশত মধ্য গুৱাহাটী যুৱ পৰিষদৰ উদ্যোগত মধ্য গুৱাহাটীৰ কেইগৰাকীমান জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ বাসগৃহত গৈ ৰঙালী বিহুৰ শুভেচ্ছা জনোৱা হয়। ৰাতিপুৱাৰভাগত ১১ নং ৱাৰ্ডৰ বাসিন্দা ধীৰেনপাৰাৰ নিবাসী হাঁহিৰাম কলিতা, ২০ নং ৱাৰ্ডৰ বাসিন্দা মৌৰাম দাস, ১২নং ৱাৰ্ডৰ বাসিন্দা অৰুণ কুমাৰ বৈশ্য, ২৯ নং ৱাৰ্ডৰ বাসিন্দা যোগেন্দ্ৰ নাথ পাঠক, ১৪ নং ৱাৰ্ডৰ বাসিন্দা ডক্তৰ মৃগেন্দ্ৰ নাথ ডেকাক ৰঙালী বিহুৰ শুভেচ্ছা জনোৱা হয়।আজিৰ এই কাৰ্য্যসূচীত উপস্থিত থাকে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ পৰিষদৰ সভাপতি সুশান্ত দেৱ চৌধুৰী,মধ্য গুৱাহাটী যুৱ পৰিষদৰ সম্পাদক ইন্দ্ৰজিৎ গোস্বামী,উপসভাপতি সুনীল দাস,সহ সম্পাদক দিবাকৰ ৰাজবংশী,জাভেদ আলী, অজয় গুপ্তা,সাহিল আলী, ৰিকী বৰুৱা,মোহিত পাণ্ডে আৰু তৃদ্বীপ কলিতা ।