ধিঙৰ ধৰ্ষণ কাণ্ডক তীক্ষ্ণতম ভাষাৰে নিন্দা চিপিআই(এম)ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ২২ আগষ্টত নগাঁও জিলাৰ ধিঙত এগৰাকী ১৪ বছৰীয়া ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ চাইকেলেৰে উভতি অহা সময়ত বাটত তিনিজনীয়া যুৱকৰ দলে ধৰ্ষণ কৰাৰ ঘটনাত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটীয়ে তীক্ষ্ণতম ভাষাৰে নিন্দা কৰিছে। অভিযুক্ত আটাইকেইজনকে শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে কঠোৰ শাস্তি প্ৰদান কৰাটো নিশ্চিত কৰাৰ প্ৰয়োজন। ছাত্ৰীগৰাকীয়ে যাতে বিনামূলীয়াকৈ চিকিৎসা আৰু উপযুক্ত ক্ষতিপূৰণ পায় তাৰ বাবে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত ।চিপিআই(এম)-এ অত্যন্ত উদ্বেগেৰে লক্ষ্য কৰিছে যে ৰাজ্যখনত ধৰ্ষণকে ধৰি নাৰী নিৰ্যাতন-হত্যা আৰু অন্যান্য ধৰণৰ অত্যাচাৰ ক্ৰমাৎ বৃদ্ধি পাইছে। কিন্তু মহিলাসকলক উপযুক্ত সুৰক্ষা দিয়া আৰু নাৰী নিৰ্যাতনৰ ঘটনা নাইকীয়া কৰাৰ বাবে ৰাজ্যখনৰ চৰকাৰখনে কোনো ছিৰিয়াছ পদক্ষেপ গ্ৰহণ কৰা নাই। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনেই গৃহমন্ত্ৰী হোৱা সত্বেও নাৰী নিৰ্যাতনকে ধৰি সামাজিক অপৰাধসমূহ চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই। মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত দায়িত্ব স্বীকাৰ কৰি যথাযথ পদক্ষেপ গ্ৰহণ কৰাৰ সলনি কেতবোৰ উচটনিমূলক বক্তব্যৰে নিজৰ দায় সাৰিব বিচাৰিছে। অসমত নাৰী নিৰ্যাতন আৰু অন্যান্য অপৰাধমূলক ঘটনা হ্ৰাস কৰিবৰ বাবে মুখ্যমন্ত্ৰীক নিজৰ সাংবিধানিক দায়িত্বত মনোনিৱেশ কৰিবলৈ দাবী জনাইছে চিপিআই(এম)-এ।