ধিঙৰ ঘটনাক গৰিহণা দি অসম মিত্ৰজোটৰ অভিযোগ: মুখ্যমন্ত্ৰীৰ ভূমিকাকো সমালোচনা
ৰাজনৈতিক হিংসাৰ আঁৰত আছে শাসক দলৰ গোপন উদ্দেশ্য : বিজেপি চৰকাৰে আমদানি কৰিছে বিহাৰ-উত্তৰ প্ৰদেশৰ সংস্কৃতি
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ ধিঙত যোৱা নিশা সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়িকা শিবামণি বৰা আৰু এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সম্পাদক মহছিন খানসহ কেইবাগপাকী কংগ্ৰেছ নেতাৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে অসম সন্মিলিত মৰ্চা চমুকৈ ‘অসম’য়ে। ৰাজ্যৰ আঞ্চলিক আৰু বাওঁ দলসমূহৰ মিত্ৰজোট ‘অসম’ ৰ মতে, ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গঢ় দিয়া হিংসা-প্ৰতিহিংসাৰ ৰাজনীতিৰ এয়া পৰিণতি। ‘অসম’ মিত্ৰজোটৰ সভাপতি তথা সংসদ অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি এক প্ৰেছ বিজ্ঞপ্তিত কয় যে অসমত ৰাজনৈতিক ইতিহাসৰ সৈতে হিংসাৰ কোনো সম্পৰ্ক নাছিল। অসমৰ ৰাজনীতি আছিল প্ৰতিযোগিতা, প্ৰতিদ্বন্দিতা আৰু বন্ধুত্বসূলভ। ৰাজনৈতিক প্ৰতিদ্বন্দীক শত্ৰু জ্ঞান কৰাৰো পৰিৱেশ অসমত নাছিল। তেনে পৰৱেশ পূৰ্বে বিহাৰ-উত্তৰ প্ৰদেশ আদি ৰাজ্যতহে সংঘটিত হোৱাৰ কথা বাতৰি কাকতত পঢ়িবলৈ পোৱা গৈছিল। কিন্তু বিজেপি দল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সৌজন্যত সেই সংস্কৃতি এতিয়া অসমলৈ আমদানি হ’ল। এয়া দুৰ্ভাগ্যজনক।’অসম’ মিত্ৰজোটৰ নেতাদ্বয়ৰ মতে, অসমত ৰাজনৈতিক অসহিষ্ণুতাৰ পৰিৱেশক চৰকাৰ আৰু স্বয়ং মুখ্যমন্ত্ৰীয়ে উদগণি যোগাই আহিছে। এই ক্ষেত্ৰত আনকি অসম আৰক্ষীৰ ভূমিকাও আপত্তিজনক। পূৰ্বে সংঘটিত হোৱা বিক্ষিপ্ত ৰাজনৈতিক হিংসাৰ বিৰুদ্ধে আৰক্ষী বিভাগে তৎকালীনভাৱে আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’লে ৰাজ্যত দিনে দিনে তেনে ঘটনা বৃদ্ধি নাপালেহেতেন। আনকি স্বয়ং মুখ্যমন্ত্ৰীয়ে তেনে ঘটনাক আওপকীয়াকৈ উচটনি দিয়া বা ন্যায্যতা প্ৰদান কৰালৈ চাই উক্ত ঘটনাবোৰ আঁৰত যে শাসক দলৰ ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ আছে, সেয়া স্পষ্ট হৈ পৰে।যোৱা নিশাৰ আক্ৰমণৰ ঘটনাত জড়িত সকলো প্ৰকৃত অপৰাধীক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰি এনে ধৰণৰ ৰাজনৈতিক হিংসাৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ ভূঞা আৰু গগৈয়ে চৰকাৰক দাবী জনায়।