ধিঙৰ আমলখিত এ আই ইউ ডি এফৰ কৰ্মী সভা

ধিঙৰ আমলখিত এ আই ইউ ডি এফৰ কৰ্মী সভা

আদিলুৰ ৰহমান,টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ নবগঠিত ৫৫ নং ধিং বিধান সভা সমষ্টিৰ অন্তৰ্গত আমলখি পঞ্চায়তত আজি এ আই ইউ ডি এফৰ এখন কৰ্মী সভা অনুষ্ঠিত হৈ যায়।এ আই ইউ ডি এফৰ নগাঁও জিলা সমিতিৰ সভাপতি বদৰুজ্জোহা চৌধুৰীৰ সভা পতিত্বত অনুষ্ঠিত হোৱা কৰ্মী সভা খনত দলগাঁও সমষ্টিৰ বিধায়ক অধিবক্তা মজিবুৰ ৰহমান, ধিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলাম আৰু চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল ইছলামে কংগ্ৰেছ দলক ‌ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে আগন্তুক লোক সভা নিৰ্বাচনৰ বাবে সকলো কৰ্মী সকলক সাজু হবলৈ আহ্বান জনায়। আমলখি গাঁও পঞ্চায়তৰ সভাপতি শ্বেক নুৰুল্লাৰ বাসভৱনত অনুষ্ঠিত হোৱা কৰ্মী সভাত এ আই ইউ ডি এফৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পাক কলিতা,ড° হাৰুণ আহমেদ আৰু ছাত্ৰ মৰ্চাৰ সভাপতি নাচিম আহমেদে দলটোৰ সংগঠনিক দিশৰ ওপৰত গুৰুত্ব পূৰ্ণ ভাষণ দিয়াৰ লগতে আগন্তুক লোক সভা নিৰ্বাচনত তলা ছাবিৰ ছবিত ভোট দি বদৰুদ্দিন আজমলৰ হাত মচবুত কৰিবলৈ আহ্বান জনায়।আজিৰ এই কৰ্মী সভাত ধিং সমষ্টি কমিটিৰ সভাপতি মৌলানা ইয়াহিয়া কাচিমী আৰু সাধাৰণ সম্পাদক আশ্বিক মুস্তাফি চৰকাৰৰ লগতে এ আই ইউ ডি এফৰ কৰ্মী সকল উপস্হিত আছিল।