ধিঙত ভয়ংকৰ পথ দুৰ্ঘটনা

ধিঙত ভয়ংকৰ পথ দুৰ্ঘটনা,আহত এক

টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ ধিঙত এক ভয়ংকৰ পথ দুৰ্ঘটনাত সংঘটিত হয় লগতে এজন লোক গুৰুতৰ ভাবে আহত হয়।সৰস্বতী পুজাৰ আনন্দ-উল্লাহৰ মাজতেই ধিঙত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো ।উদণ্ড বাইকচালক মহতীয়াই নিলে এজন চৰকাৰী কৰ্মচাৰীক।নম্বৰপ্লেট বিহীন KTM বাইকৰ খুন্দাত গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত হয় ধিঙৰ দগাঁৱৰ উপেন ঠাকুৰীয়া ।বিদ্যালয়ৰ সন্মুখত পথ অতিক্ৰম কৰাৰ সময়তেই তীব্ৰবেগী উদণ্ড বাইক চালকে মহতীয়াই নিয়ে লোকজনক ।লগে লগে লোকজনক ধিং এফ আৰ ইউত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক দেখি নগাঁৱলৈ প্ৰেৰণ কৰিছে চিকিৎসকে ।ইফালে দুৰ্ঘটনা সংঘটিত কৰা উদণ্ড বাইক চালকক ৰাইজে কৰায়ত্ব কৰি বাইক সহ ধিং আৰক্ষীক চমজাই দিয়ে ।দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোকজন ধিং পাব্লিক হাই স্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী উপেন ঠাকুৰীয়া জানিব পৰা গৈছে ।ইফালে দুৰ্ঘটনা সংঘটিত কৰা উদণ্ড বাইক চালক জন বটদ্ৰৱাৰ কদমনি জামতলৰ ওমৰ ফাৰুক বুলি জানিব পৰা গৈছে।