ধিং মহাবিদ্যালয়ত মেনুস্ক্ৰীপ্ট আৰু মেনুস্ক্ৰীপ্ট’ল’জীৰ মাহজোৰা ইন্টাৰ্ণচিপৰ সামৰনী

ধিং মহাবিদ্যালয়ত মেনুস্ক্ৰীপ্ট আৰু মেনুস্ক্ৰীপ্ট’ল’জীৰ মাহজোৰা ইন্টাৰ্ণচিপৰ সামৰনী

ৰঙিলী বাৰ্ত্তাসেৱা- নগাওঁ জিলাৰ ঐতিহ্যমণ্ডিত ধিং মহাবিদ্যালয়ত ছ’চাইটী ফৰ শ্ৰীমন্ত শংকৰদেৱ (https:// www.sankaradeva.com) ৰ সহযোগত আৰু ধিং মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত মেনুস্ক্ৰীপ্ট আৰু মেনুস্ক্ৰীপ্ট’ল’জীৰ ইন্টাৰ্ণচিপ কাৰ্যসূচীৰ ২ আগষ্টত সামৰণি পৰে । তদুপলক্ষে আয়োজিত প্ৰৰ্দশনীৰ দ্বাৰ উন্মোচন কৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই।

ইয়াৰ লগতে বন্তি প্ৰজ্বলন কৰে ছ’চাইটীৰ সভাপতি ড° সঞ্জীৱ কুমাৰ বৰকাকতীয়ে ।  মহাবিদ্যালয়ৰ ৩৮ জন ছাত্ৰ-ছাত্ৰীয়ে তৈয়াৰ কৰা সাঁচিপতীয়া পৰম্পৰাগত চিত্ৰ সমূহ প্ৰদৰ্শন কৰা হয় । এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি ড° সঞ্জীৱ কুমাৰ বৰকাকতী ৰচিত “শঙ্কৰী সাহিত্য আৰু সংস্কৃতিৰ বৈচিত্ৰ্য” শীৰ্ষক এখন  গ্ৰন্থও উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে অসমৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্তই। এই প্ৰদৰ্শনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায় বিশিষ্ট চিত্ৰ পৰিচালক ৰাজেন ৰাজখোৱাই ।

অনুষ্ঠানত আদৰণি বক্তৃতা আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান হাজৰিকাই । মাহজোৰা পাঠ্যক্ৰমত মেনুস্ক্ৰীপ্ট’ল’জীৰ বিষয়ে পাঠ দিয়ে ছচাইটীৰ বিশিষ্ট পুথি চিত্ৰ শিল্পী মৃদু মৌচম বৰা আৰু শিল্পী পাপু দাসৰ লগতে অঙ্কুৰ জ্যোতি নাথ, জোনমনি দাস, জানমনি দাস, হৰ্ষিতা শিৱমে। উল্লেখযোগ্য যে মেনুস্ক্ৰীপ্ট’ল’জী বিষয়ত ইন্টাৰ্ণচিপ প্ৰদান কৰাৰ ক্ষেত্ৰত বাটকতীয়া হিচাপে ধিং মহাবিদ্যালয়ৰ এই পদক্ষেপত বৌদ্ধিক মহলত চৰ্চা লাভ কৰিছে । ছছাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ তৰফৰ পৰা আন ইচ্ছুক মহাবিদ্যালয় সমূহতো এনে ইষ্টাৰ্ণশ্বিপ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।