ধাৰ্মিক কাৰ্যকলাপৰ প্ৰতি কিমান সচেতন আজিৰ সমাজ ?- চন্দ্ৰ শেখৰ পৰাজুলী

ধাৰ্মিক কাৰ্যকলাপৰ প্ৰতি কিমান সচেতন আজিৰ সমাজ ?
              চাওঁক ধাৰ্মিক কাৰ্যকলাপ প্ৰতি পৃথিৱীৰ সৃষ্টিৰ অনাদি কালৰ আৰম্ভণিৰে পৰা  আমি মানব জাতিটো জড়িত হৈ আছোঁ বুলিয়ে ক’ব লাগিব। ইয়াত জাতি, সম্প্ৰদায়, প্ৰতিটো ধৰ্মীয় মতামতত কিছু অন্তৰ থাকিলেও লোক বিশ্বাস অনুসৰি আমি প্ৰায় প্ৰতিজন মানুহে কিবা নহয় কিবা অদৃশ্য শক্তিৰ প্ৰতি বিশ্বাস বা স্মৰণ কৰি আহিছোঁ। হয়তো তাৰে মাজতে কিছুমান নাস্তিক মানুহৰো অভাৱ নাই আমাৰ সমাজত। নাস্তিক অৰ্থাৎ আধ্যাত্মিক বা অদৃশ্য শক্তিৰ প্ৰতি বিশ্বাস নথকা মানুহবোৰ। এতিয়া কথা হ’ল, ধৰ্ম আমাৰ মানুহৰ মনৰ কেৱল এটি বিশ্বাস নে আমাৰ অন্ধবিশ্বাস ? । ইয়াক লৈয়ো বহুতো মানুহৰে মতামতত অন্তৰ থকা দেখা যায় । আৰু এনেবোৰ বিষয় ওপৰত আলোচনা কৰা মানে আকাশৰ তৰাবোৰ গণনা কৰি শেষ কৰা। অৰ্থাৎ আজিলৈকে এনেবোৰ বিষয় বস্তুবোৰক লৈ কোনো সঠিক মন্তব্য প্ৰকাশ কৰা সম্ভৱপৰ হোৱাগৈ নাই ।
              গতিকে যিয়ে নহয়ওক মই আজি উল্লেখ কৰিব বিচৰা প্ৰকৃত বিষয়টো হৈ, ধাৰ্মিক কাৰ্যকলাপ প্ৰতি কিমান সচেতন আজিৰ সমাজ ? । মোৰ এই প্ৰশ্নটো কেৱল কোনো এটা ধৰ্মী লগত জড়িত লোকসকল লৈ উত্থাপন কৰিছোঁ এনে নহয় । মই ইয়াতে প্ৰতিটো ধৰ্মাৱলম্বী লোকলৈ প্ৰশ্ন কৰিছোঁ। চাওঁক প্ৰতিটো ধৰ্মৰে সাধাৰণ কিছুমান নীতি,নিয়ম থাকে। তাক আজি আমি কিমানে সূচাৰুৰূপে পালন কৰি গৈছো ?। আচলতে প্ৰতিটো ধৰ্মতে মানব জাতিৰ কল্যাণ সাধনৰ নিমিত্তে প্ৰায় একেধৰণৰে সামান্য কিছুমান নীতিগত শিক্ষা প্ৰদান কৰা থাকে। তাৰে ভিতৰত কিমানে আজি ধৰ্মীয় নীতিগত শিক্ষাৰ মাজেৰে ৫০ শতাংশ মান হ’লেও হুবহু পালন কৰি যাবলৈ সক্ষম হৈছোঁ ?। আজি আমি আমাৰ আচল স্বৰূপটো পাহৰি কেৱল লোক প্ৰদৰ্শনৰ বাবেহে বেছিভাগ মানুহে ধাৰ্মিক কাৰ্যকলাপৰ লগত জড়িত হৈ আছোঁ নেকি বাৰু?। এই কথাটো নিজেই নিজকে এবাৰ হ’লেও প্ৰশ্ন কৰি চাব আপুনি। ইয়াৰ উওৰ প্ৰতিজন মানুহে নিজৰ মনৰ মাজতে বিচাৰি পাব। মানুহে যদি সচাকৈ আন্তৰিকতাৰে ধৰ্মৰ প্ৰতি আকৃষ্ট হোৱা হ’লে তেন্তে আজি এই বিশ্বত বসবাস কৰা লোকসকলক এই গতি নহ’ল হেতেন ।
              গতিকে ধৰ্মক লৈ ৰাজনীতি, বেপাৰ কৰিবলৈ বন্ধ কৰক আপুনি যদি প্ৰকৃত মানুহ হয়। আপুনি ধৰ্মক লৈ প্ৰদৰ্শন কৰি যাব নালাগে।কাৰন ধৰ্ম মানে হ’ল,নিজে নিজৰ আত্ম উত্থান সাধন কৰা লগতে বিশ্ব কল্যাণৰ  উদ্দেশ্য আগত ৰাখি অনাদি কালৰ পৰা চলি অহা এক ৰীতি নীতি,এক পৰম্পৰা বা লোকবিশ্বাস। নাইবা ধৰ্ম মানে ই হ’ল এক প্ৰকাৰৰ মানুহৰ মনৰ পৰিবৰ্তন। অৰ্থাৎ অসত্য পথ এৰি সত্যতাৰ পথলৈ বুলি এক দিঘলীয়া যাত্ৰা। আপুনি কিমান ধাৰ্মিক মানুহ তাক লৈ প্ৰদৰ্শন কৰাত ব্যস্ত নাথাকিব। কাৰণ আপোনাৰ ব্যৱহাৰে ক’বই নহয় আপুনি কেনেকুৱা মানুহ।
              চন্দ্ৰ শেখৰ পৰাজুলী
              বিশ্বনাথ চাৰিআলি,অসম