ধাৰাবাহিকভাৱে হোৱা বৰষুণে স্তব্ধ কৰি তুলিছে মুম্বাইৰ জনজীৱন
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ বানপানীৰ কবলত বাণিজ্যিক চহৰ মুম্বাই। ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণে স্তব্ধ কৰি তুলিছে জনজীৱন। মুম্বাইত চলি থকা প্ৰবল বৰষুণৰ বাবেই চহৰখনৰ প্ৰতিটো অঞ্চলেই জলমগ্ন হৈ পৰিছে। শৈক্ষিক প্রতিষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হৈছে। বৰষুণসৃষ্ট কাৰকতেই চহৰখনত অতি কমেও ১২জন লোকৰ প্ৰাণহানি হৈছে, ৮জন সন্ধানহীন হৈ আছে। ইপিনে, বিভিন্ন জলমগ্ন অঞ্চলৰ পৰা শতাধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে। মুম্বাইৰ লগতে চহৰখনৰ আশে-পাশে থকা অঞ্চলসমূহতো প্রবল বৰষুণে বাট-পথ জলমগ্ন কৰি তুলিছে। পথসমূহ জলমগ্ন হোৱাত যাতায়াত ব্যৱস্থা বিশেষকৈ পৰিবহণ ব্যৱস্থা ব্যাহত হৈছে।তেনেদৰে মেট্ৰ’ ৰে’ল সেৱা আৰু বিমান সেৱা ব্যাহত হৈছে। মেট্ৰ’ আৰু বিমান সেৱা ব্যাহত হোৱাত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। জলমগ্ন অঞ্চলসমূহত উদ্ধাৰ অভিযান চলাবলৈ এছডিআৰএফ আৰু সেনা মোতায়েন কৰা হৈছে। নান্দেদ জিলা বৰষুণসৃষ্ট বানত ক্ষতিগ্রস্ত হৈছে। এই জিলাখনত ২৯০তকৈ অধিক লোকক স্থানান্তৰিত কৰা হৈছে। মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাভিছে মুম্বাইৰ লগতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত সৃষ্ট বানক লৈ উচ্চ পৰ্যায়ৰ পর্যালোচনা বৈঠক আয়োজন কৰিছে আৰু সকলো সম্ভাব্য সহায় আৰু সাহায্য আগবঢ়াবলৈ নির্দেশ দিছে। বতৰ বিজ্ঞান বিভাগে মুম্বাইকে ধৰি চুবুৰীয়া অঞ্চলত প্ৰবল বৰষুণৰ আগজাননী দি ৰেড এলার্ট ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী ৪৮ ঘণ্টা মুম্বাইৰ বাবে অতি জটিল সময় বুলি ঘোষণা কৰিছে।মুম্বাই, থানে, ৰায়গড়, ৰত্নগিৰী আৰু সিন্ধু দুৰ্গৰ বাবে পৰৱৰ্তী ৪৮ ঘণ্টা অতি জটিল সময় বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ লগতে অনাহকত জনতাক ঘৰৰ বাহিৰলৈ নোলাবলৈ আহ্বান জনোৱাৰ লগতে সতর্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে।