ধানৰ দৰে সৰিয়হ ক্ৰয় কৰিব অসম চৰকাৰে

ধানৰ দৰে সৰিয়হ ক্ৰয় কৰিব অসম চৰকাৰে

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে মূলতঃ অসমৰ কৃষক সমাজক লৈ মত ব্যক্ত কৰে। মুখ্যমন্ত্ৰীয়ে কয়– ”আমাৰ চৰকাৰৰ বাজেটত আমি উল্লেখ কৰিছিলোঁ ধান ক্ৰয় কৰাৰ কথা৷ ধান ক্ৰয়ৰ দৰে সৰিয়হ ক্ৰয়ৰ কথাও কৈছিলোঁ৷ প্ৰতি কুইণ্টল সৰিয়হ ৪৫০০.০০ টকা বজাৰত বিক্ৰী হয়৷ আমি কিনিম ৫৪৫০.০০ টকাত। সৰিয়হ কিনাৰ কেন্দ্ৰ পৃথককৈ নকৰো৷ ৯২টা ধান ক্ৰয় কেন্দ্ৰতে কৃষকে সৰিয়হ বিক্ৰী কৰিব পাৰিব। মুঠ ১০১টা সৰিয়হ বিক্ৰী কেন্দ্ৰত বিক্ৰী কৰিব পাৰিব। সৰিয়হ বিক্ৰীৰ ধন তিনি দিনৰ ভিতৰতে কৃষকে নিজৰ একাউণ্টত পাব। এইবাৰ আমি ৪৫ লাখ মেট্ৰিক টন সৰিয়হ কিনাৰ লক্ষ্য লৈছোঁ।”মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কৃষকক শস্যৰ সমৰ্থন মূল্য দিবলৈ চেষ্টা কৰা হৈছে। তেওঁ লগতে কম দিনৰ ভিতৰতে দুগ্ধ পালকসকলকো ৰাজ সাহায্য প্ৰদান কৰিব বুলি উল্লেখ কৰে। প্ৰতি লিটাৰত ৫ টকাকৈ ৰাজসাহায্য দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়– ”কৃষকক শোষণ কৰিব দিব নোৱাৰোঁ। উদ্যোগীয়ে কৃষকক উচিত মূল্য দিব লাগিব। চৰকাৰে কৃষকে উচিত মূল্য পোৱাৰ বাবেই বজাৰত হস্তক্ষেপ কৰিছে। গাখীৰৰ ৰাজ সাহায্য বছৰত এবাৰতে একেলগে পাব।