ধাননি পথাৰ- ময়ূৰাক্ষী গগৈ

ধাননি পথাৰ

পথাৰ ভৰি আছে সোণগুটি ধানেৰে।
দুহাতেৰে চপাওগৈ বʼলা।
পুৱাৰ নিয়ৰত তিতি থকা,
সোণগুটিবোৰ ৰʼদ পাই জিলিকি উঠে।
দেখিয়েই মন প্ৰাণ হৰি নিয়ে।
চাই চাই যেন হেঁপাহ নপলায়।
হাতত কাঁচি লৈ দাৱনি ওলাল,
পাচে পাচে টমাল বিৰিয়া লৈ
দাইটিও আহিছে ডাঙৰি আনিবলৈ।
জহা,বৰা,শালি,ৰঞ্জিত,মনোহৰ,
আৰু কত কি নাম সোণগুটি ধানৰ।
খোজৰ তালে তালে নাচি উঠে,
দাইটিৰ কান্ধৰ ডাঙৰিবোৰ।
ভঁৰাল উপচি পৰা সোণগুটিবোৰ দেখি,
ভাগৰ কেনিবা পলায়।
উলাহেৰে গৃহস্থই আয়োজন কৰে,
তৃপ্তিৰে ন-সাজ খাবলৈ।

ময়ূৰাক্ষী গগৈ