দৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙি উজ্বলিল মাজুলী মূদৈবিল-নৱৰতনপুৰৰ অভিজিত‍

দৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙি উজ্বলিল মাজুলী মূদৈবিল-নৱৰতনপুৰৰ অভিজিত‍

বিকাশ শইকীয়া , মাজুলী, ৰঙিলী  বাৰ্ত্তাসেৱা-  দৰিদ্ৰতা শিক্ষাৰ কেতিয়াও প্ৰাচীৰ হ’ৱ নোৱাৰে । তাকে পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত মাজুলী মূদৈবিল-নৱৰতনপুৰৰ অভিজিত শইকীয়াই । কৃষক অনন্ত শইকীয়া আৰু ৰীণা শইকীয়াৰ কণিষ্ঠ পুত্ৰ অভিজিতে  জোনাকী ছমহীয়াআটী আৰ্দশ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱত্তীৰ্ণ হৈ ৮৮.০২% শতাংশ নম্বৰ লাভেৰে বিদ্যালয় খনিৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । অভিজিতে অসমীয়াত – ৯১ , ইংৰাজীত – ৭৬ , অৰ্থনীতিত ৮৪ , ৰাজনীতি – ৯১ , সমাজশাস্ত্ৰত – ৮৬ , ৰিটেল ট্ৰেডত – ৯৭ নম্বৰ লাভ কৰে । কঠোৰ পৰিশ্ৰম , আৰ্থিক অনাটনৰ মাজেৰে  অৱত্তীৰ্ণ হোৱা  ছাত্ৰ গৰাকীৰ এই সাফল্যত বৃহত্তৰ মূদৈবিলবাসী ৰাইজ উৎফুল্লিত হোৱাৰ লগতে ছাত্ৰ গৰাকীলৈ শুভেচ্ছা জনাইছে চিৰাম সমন্বয় শাখা সাহিত্য সভা, নৱৰতনপুৰ নৱজ্যোতি চেমনীয়া সন্থা , মূদৈবিল বিশ্বজ্যোতি চেমনীয়া সন্থা , মাজুলী জিলা কেওট জাতীয় পৰিষদ , টকৌবাৰী সত্ৰ পৰিচালনা সমিতি , মাজুলী -ডায়েৰী পৰিয়াল আদি অনুষ্ঠান – প্ৰতিষ্ঠানে ।