দৰঙৰ মাইক্ৰ’ অবজাৰ্ভাৰ সকলৰ প্ৰশিক্ষণত অংশগ্ৰহণ সাধাৰণ পৰ্যবেক্ষক ড০ এম আৰ ৰবিৰ

দৰঙৰ মাইক্ৰ’ অবজাৰ্ভাৰ সকলৰ প্ৰশিক্ষণত অংশগ্ৰহণ সাধাৰণ পৰ্যবেক্ষক ড০ এম আৰ ৰবিৰ

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- মঙলদৈ জিলা পুথিভঁৰালত লোকসভা নিৰ্বাচনৰ বাবে নিয়োজিত দৰং জিলাৰ মাইক্ৰ’ অবজাৰ্ভাৰ সকলৰ এক প্ৰশিক্ষণ ৰবিবাৰে অনুষ্ঠিত হয়। প্ৰশিক্ষণত দৰং – ওদালগুৰি লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ড° এম আৰ ৰবিয়ে মাইক্ৰ’ অবজাৰ্ভাৰ সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সৈতে আলাপো কৰে। সাধাৰণ পৰ্যবেক্ষক গৰাকীয়ে তেওঁৰ ভাষণত কয় যে ভোটদান প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰাত নিজৰ নিজৰ দায়িত্ব দ্বায়বদ্ধতাৰে পালন কৰাতো নিৰ্বাচনৰ সৈতে জড়িত প্ৰতিগৰাকী বিষয়া – কৰ্মচাৰীৰ কৰ্তব্য। এই প্ৰসঙ্গত তেওঁ মাইক্ৰ’ অবজাৰ্ভাৰ সকলৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা বিস্তৃতভাবে উল্লেখ কৰে। ভোট কেন্দ্ৰত এজন ভোটাৰে ভোটদান কৰাৰ পিছৰ হোৱা ‘বীপ ছাউণ্ড ‘, ভোট দাতাই ভোটিং কম্পাৰ্টমেন্টত নূন্যতম ৭ ছেকেণ্ড ৰোৱাৰ প্ৰয়োজনীয়তাৰ পৰা ভোটকেন্দ্ৰটোত ভোটদান সম্পূৰ্ণ হোৱাৰ পিছত বিষয়াসকলে পূৰণ কৰিবলগীয়া প্ৰ -পত্ৰলৈকে বিভিন্ন বিষয় সম্পৰ্কে তেওঁ নিজৰ ভাষণত উল্লেখ কৰে। সাধাৰণ পৰ্যবেক্ষক গৰাকীৰ ভাষণত জিলাখনৰ দূৰৱৰ্তী ভোটকেন্দ্ৰ সমূহলৈ যাতায়াত, এনে কেন্দ্ৰসমূহত কেন্দ্ৰীয় অৰ্ধ – সামৰিক বাহিনীৰ নিৰাপত্তা ব্যবস্থা আদিৰ প্ৰসংগইও স্থান লাভ কৰে।তেওঁ কয় যে মাইক্ৰ’ অবজাৰ্ভাৰকে ধৰি নিৰ্বাচনৰ সৈতে জড়িত সকলো বিষয়া – কৰ্মচাৰীয়ে নিজৰ কৰ্তব্য পালনৰ সময়ত নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিব লাগিব। ভোটগ্ৰহণ কামত নিয়োজিত থাকোতে অধিক আত্মবিশ্বাসী বা অত্যুৎসাহী হোৱাৰ অপকাৰিতাৰ প্ৰতিও তেওঁ আঙুলিয়াই দিয়ে। জিলাখনৰ যি কোনো স্থানতে ভোটগ্ৰহণ সময়ত সাধাৰণ পৰ্যবেক্ষক দৃষ্টিগোচৰ কৰিবলগীয়া ত্ৰুটি – বিচ্যুতি চকুত পৰিলে তেওঁলোকক দিয়া ফোন নম্বৰৰ জৰিয়তে তেওঁক পোনপটীয়াকৈ অৱগত কৰিব পাৰিব বুলিও সাধাৰণ পৰ্যবেক্ষক গৰাকীয়ে কয়।  উক্ত প্ৰশিক্ষণ অনুষ্ঠানত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, অতিৰিক্ত আয়ুক্ত ( নিৰ্বাচন) মানস কুমাৰ শইকীয়া আদি জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।