দৰঙৰ বেছিমাৰী-নেওগপাৰ-কপিলীসত্র ঈদগাহত ঈদৰ নামাজৰ প্রস্তুতি

দৰঙৰ বেছিমাৰী-নেওগপাৰ-কপিলীসত্র ঈদগাহত ঈদৰ নামাজৰ প্রস্তুতি

কিশোৰ কুমাৰ শৰ্মা, মঙ্গলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা-  দৰঙৰ বেছিমাৰী-নেওগপাৰা-কপিলিসত্রৰ ৰাইজে ঈদুজ্জোহাৰ নামাজ অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে।এই লৈ ৰাইজৰ মাজত বিশেষ উছাহ উদ্দীপনা পৰিলক্ষিত হৈছে৷ অহা ২৯ জুন ব্ৰহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া উক্ত নামাজত ইমামতি কৰিব দৰং জিলাৰ গৰিয়াপাৰা (চপৰা)নিবাসী বৰ্তমান ইছলামপুৰ ইলাহি মছজিদৰ পেচ ইমাম আৰু আলা হজৰত একাডেমিৰ সহকাৰী শিক্ষক আলহাজ মৌলানা মহম্মদ ইৰচাদ বখতিয়াৰ চাহাবে | এক বাৰ্ত্তাত ঈদগাহ পৰিচালনা সমিতিৰ উপ সভাপতি চাহাবুদ্দিন আহমেদ আৰু সম্পাদক বাহাৰুল ইছলামে তিনিখন গাঁৱৰে সমূহ উৎসৱ প্ৰাণ ৰাইজক ৮.০০ বজাৰ আগতে ঈদগাহ ময়দানত উপস্থিত হ’বলৈ অনুৰোধ জনাইছে ।