দৰঙৰ বিদ্যালয়ত ছাত্ৰ হত্যাকাণ্ডক লৈ প্ৰধান শিক্ষয়িত্ৰীসহ ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি

দৰঙৰ বিদ্যালয়ত ছাত্ৰ হত্যাকাণ্ডক লৈ প্ৰধান শিক্ষয়িত্ৰীসহ ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি

ৰঙিলী বাৰ্ত্তাসেৱা- দৰঙৰ পদুমপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হত্যাকাণ্ডৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ। পদুম পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰৰ মৃত্যুৰ ঘটনাৰ পিচতেই প্ৰধান শিক্ষয়িত্ৰীসহ ৯ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী আৰু ৩ গৰাকী চতুর্থ বৰ্গৰ কৰ্মচাৰীক শাস্তিমূলক বদলি ৷ কৰ্তব্যত গাফিলতিৰ অভিযোগত বদলি কৰা হৈছে তেওঁলোকক ৷ উল্লেখ্য যে যোৱা সোমবাৰে বিদ্যালয়খনৰ শ্ৰেণীকোঠাত দশম শ্ৰেণীৰ ছাত্ৰৰ আক্রমণত প্ৰাণ গৈছিল নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ । ঘটনা সংঘটিত হোৱা দুটা দিনৰ পিছতহে বিদ্যালয়খনত উপস্থিত হৈছিল বিদ্যালয়সমূহৰ পৰিদৰ্শক ইয়াচমিনাৰা বেগম । যাৰ বাবে ৰাইজে জবাবদিহি কৰিছিল বিষয়াগৰাকীক । অৱশেষত শিক্ষা বিষয়াগৰাকীয়ে সেইসকল শিক্ষক-কৰ্মচাৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে ।শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে X হেণ্ডেলত এটা পোষ্টযোগে সদৰী কৰিছে এইকথা ৷নিজৰ X হেণ্ডেলত এটা পোষ্টত মন্ত্ৰী পেগুৱে লিখিছে- ‘‘যোৱা ২৩/০৯/২০২৪ তাৰিখে দৰং জিলাৰ পদুমপুখুৰী হাইস্কুলত এজন ছাত্ৰই কৰুণভাৱে প্ৰাণ হেৰুওৱা ঘটনাৰ প্ৰতি সঁহাৰি জনাই ভাৰপ্ৰাপ্ত অধ্যক্ষকে ধৰি ১২ জন কৰ্মচাৰীক তেওঁলোকৰ গাফিলতিৰ বাবে অন্য বিদ্যালয়লৈ বদলি কৰা হৈছে । পদুমপুখুৰী হাইস্কুলৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুঢ়ীনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক । আৰক্ষীৰ তদন্ত চলি থকাৰ উপৰিও বিদ্যালয় শিক্ষা বিভাগে ছাত্ৰজনৰ মৃত্যুৰ পৰিস্থিতিৰ তদন্ত আৰম্ভ কৰিছে ।’’ প্ৰধান শিক্ষয়িত্ৰী জানকী ডেকাক শাস্তিমূলকভাৱে বদলি কৰা হৈছে ছিৰাজুল হক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। হিন্দী বিভাগৰ শিক্ষক বসন্ত কলিতাক শাস্তিমূলকভাৱে বদলি কৰা হৈছে বৰুৱাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। সহকাৰী শিক্ষক প্ৰসন্ন কুমাৰ ডেকাক শাস্তিমূলকভাৱে বদলি কৰা হৈছে শিয়ালমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। বিজ্ঞানৰ শিক্ষক দীপিকা দেৱী শাস্তিমূলকভাৱে বদলি কৰা হৈছে দীননাথ হাইস্কুললৈ। সহকাৰী শিক্ষক আব্দুল জলিলক শাস্তিমূলকভাৱে বদলি কৰা হৈছে চেনীবাৰী আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। সহকাৰী শিক্ষক চুনু বৰুৱাক শাস্তিমূলকভাৱে বদলি কৰা হৈছে মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। সহকাৰী শিক্ষক কল্যানী ডেকাক শাস্তিমূলকভাৱে বদলি কৰা হৈছে কুঁৱৰীপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। ICT INSTRUCTOR হিমা ডেকাক শাস্তিমূলকভাৱে বদলি কৰা হৈছে নগৰবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ। কনিষ্ঠ সহায়ক বেদান্ত বৰুৱাক শাস্তিমূলকভাৱে বদলি কৰা হৈছে মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ।লগতে বিদ্যালয়খনৰ তিনিগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকো শাস্তিমূলকভাৱে বদলি কৰা হৈছে। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী খৰ্গেশ্বৰী কলিতাক বদলি কৰা হৈছে বালিপতা হাইস্কুললৈ, পৱন চন্দ্ৰ ডেকাক বদলি কৰা হৈছে মহম্মদ আলী হাইস্কুললৈ আৰু সত্য ৰঞ্জন চহৰীয়াক বদলি কৰা হৈছে শংকৰদেৱ হাইস্কুললৈ। মঙলদৈ শিক্ষা বিভাগে জাৰি কৰে বদলি জাননী। আটাইৰে বিৰুদ্ধে শিক্ষা বিভাগৰ ফালৰ পৰা কৰা হ’ব বিভাগীয় তদন্ত।