দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা

দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত সংঘটিত হৈছে আন এক ভয়ংকৰ  বাছ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে দুজনকৈ লোক।দৰঙৰ ধূলাত সংঘটিত হৈছে এই ভয়ংকৰ বাছ দুৰ্ঘটনা।  ইতিমধ্যে থিতাতে দুজন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাটোত কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে । আহত কেইবাজনকো মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইফালে গুৰুতৰভাৱে আহতসকলক  GMCHলৈ প্ৰেৰণ কৰা হৈছে। মঙলদৈৰ ধূলা থানাৰ পৰা প্ৰায় ৩ মিটাৰ দূৰত সংঘটিত হৈছে এই দুৰ্ঘটনা। অৱশ্যে নিহত ব্যক্তি কেইগৰাকীক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাছখন ধূলা থানালৈ নিয়া হয়।  ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত AS 20 2289 নম্বৰৰ আলট্ৰা বাছখন। জানিব পৰা মতে, সোমবাৰে পুৱা ৫ বজাত তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল বাছখনে। প্ৰায় ৭.৪০ মান বজাত এখন তীব্ৰবেগী এখন মালবাহী বাহনে কেকুৰী এটাত কাষৰ পৰা খুন্দা মাৰে বাছখনক। তাৰ পাছতে দুৰ্ঘটনাত পতিত হয় বাছখন। ২৫-৩০ জন বাছখনত আছিল তেজপুৰ আৰু ঢেকীয়াজুলিৰ যাত্ৰী। ইতিমধ্যে নিহত দুজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈলৈ প্ৰেৰণ কৰা হৈছে।  দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে বাছৰ ভিতৰত মৃতদেহ ওলমি ওলমি ৰৈছিল মৃতদেহ। ঘটনাস্থলীত উপস্থিত হৈছে উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া কৰিছে তদন্ত। গুৰুতৰভাৱে আহত ৪গৰাকীকৈ লোকে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। পুৱাই অহা এই খবৰে শোকাৱহ কৰিছে ৰাজ্যবাসীক।