দৰঙত ৬২ সংখ্যক শিক্ষক দিৱস উদ্ যাপন 

দৰঙত ৬২ সংখ্যক শিক্ষক দিৱস উদ্ যাপন 

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলা প্ৰশাসনৰ উদ্যোগত ৫ চেপ্তেম্বৰত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৬২ সংখ্যক শিক্ষক দিৱস উদ্ যাপন কৰা হয়। দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত অনুষ্ঠিত শিক্ষক দিৱসৰ অনুষ্ঠানত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া মুখ্য অতিথিৰূপে উপস্থিত থাকে। অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ।অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত, সাংসদ আৰু বিধায়ক কেইগৰাকী আৰু মীন উন্নয়ন নিগমৰ অধ্যক্ষই ড°সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। সাংসদ দিলীপ শইকীয়াই অনুষ্ঠানত ভাষণ প্ৰদান কৰি শিক্ষা আৰু জ্ঞান চৰ্চাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ গৰিমা আৰু ঐতিহ্যৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। শিক্ষকতাক বিশ্বৰ পৱিত্ৰতম বৃত্তি বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় সমাজত শিক্ষাগুৰু তথা জ্ঞানৰ সাধক সকলক সদায়ে উচ্চাসন দিয়া হয়। জ্ঞানৰ সাধনা-চৰ্চা ভাৰতীয় ঐতিহ্যৰ অংশ। সেয়ে কুৰুক্ষেত্ৰত দুয়ো পক্ষ যুযুধান অৱস্থাত থাকোতে ভাগৱত গীতাৰ সৃষ্টি সম্ভৱ হৈছিল। ভাৰতবৰ্ষই অস্ত্ৰ লৈ নহয়, শাস্ত্ৰ লৈ অৰ্থাৎ জ্ঞানৰ পোহৰ লৈ বিশ্ব জয় কৰিবলৈ গৈছিল বুলি তেওঁ মন্তব্য কৰে। এনে পবিত্ৰ ভাৰতভূমিতেই ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ দৰে দাৰ্শনিক -পণ্ডিতে জন্ম গ্ৰহণ কৰিছিল। মানৱ সভ্যতাৰ এনে মহান শিক্ষাগুৰুসকলৰ আদৰ্শ অনুকৰণ কৰি মানৱ সম্পদ গঢ় দিয়াৰ পৱিত্ৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰি যাবলৈ তেওঁ শিক্ষকসমাজৰ প্ৰতি আহ্বান জনায়। সভাত ভাষণ প্ৰদান কৰি ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে এগৰাকী শিক্ষকৰ দায়িত্ব, কৰ্তব্য আৰু প্ৰাপ্তিৰ মহত্বৰ কথা উল্লেখ কৰে । নিজৰ শিক্ষক জীৱনত অভিজ্ঞতা আৰু ছাত্ৰ -ছাত্ৰীসকলৰ সৈতে থকা সুসম্পৰ্কৰ কথা স্মৰণ কৰি ড° ৰাজবংশীয়ে কয় যে সমাজৰ অগ্ৰগতিত শিক্ষক সমাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব লাগিব। এগৰাকী শিক্ষকে ত্যাগৰ মহত্বৰ সমানে প্ৰাপ্তিৰ আনন্দও উপভোগ কৰিব পাৰে। নিজৰ ছাত্ৰ-ছাত্ৰীৰ উত্তৰণ আৰু তেওঁলোকৰ পৰা পোৱা সন্মানৰ সমান মহান প্ৰাপ্তি নাই বুলি তেওঁ মন্তব্য কৰে। মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাসে ভাষণত কয় যে প্ৰতি যুগতে ভাৰতৰ শিক্ষকসকলৰ সাধনা আৰু জ্ঞান-গৰিমাৰ ৰূপ সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰি আহিছে। এনে শিক্ষকসকলে গঢ় দিয়া বিজ্ঞানীয়ে আজি ভাৰতৰ পৰা চন্দ্ৰযান পঠিয়াবলৈ সক্ষম হৈছে বুলি তেওঁ মন্তব্য কৰে। সভাত ভাষণ প্ৰদান কৰি মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে শিক্ষকসকলে কিদৰে কষ্ট-ত্যাগ স্বীকাৰ কৰি সহস্ৰজনৰ জীৱন জ্ঞানৰ আলোকেৰে আলোকিত কৰে সেই কথা উল্লেখ কৰে ।নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰি মঙ্গলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলা কান্ত বৰাই কয় যে স্বামী বিবেকানন্দই প্ৰত্যেক ব্যক্তিৰ মাজত অন্তৰ্নিহিত পূৰ্ণতাক প্ৰকাশ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । শিক্ষা দানৰ ই এক মহৎ লক্ষ্য। নতুন শিক্ষা নীতিয়ে শিক্ষাৰ ক্ষেত্ৰত আনিবলগীয়া পৰিবৰ্তনৰ ওপৰত তেওঁ আলোকপাত কৰে। এগৰাকী সু-শিক্ষক হ’বৰ বাবে সৃষ্টিশীলতা, পৰ্যালোচনা শক্তি লগতে শিক্ষাৰ্থীৰ সৈতে সুসম্পৰ্ক গঢ়াৰ দক্ষতা, মৰমিয়াল মনোভাৱ আৰু সু-চৰিত্ৰৰ দৰে গুণসমূহৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে আমাৰ সমাজত গুৰু শিষ্যৰ পৰম্পৰা, আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। জিলা খনৰ ৩৬ গৰাকী কৃতী শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা শিক্ষক দিৱসৰ অনুষ্ঠানত জিলা খনৰ বহু সংখ্যক শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যানুৰাগী ব্যক্তি, বিশিষ্ট নাগৰিক, ছাত্ৰ-ছাত্ৰী, জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।