দৰঙত ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচী উপলক্ষে বাইক ৰেলী আৰু পদযাত্ৰা

দৰঙত ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচী উপলক্ষে বাইক ৰেলী আৰু পদযাত্ৰা

 মঙলদৈ ,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ দেশজুৰি উদযাপিত ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীৰ অংশস্বৰূপে আজি দৰং জিলাতো এক বাইক ৰেলী উলিওৱা হয়। ইয়াৰ লগতে এক পদযাত্ৰাও সম্পন্ন কৰা হয়। এই দুয়োটা সমদলৰে উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাসে কয় যে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা সংগ্ৰাম কৰি আমাৰ দেশে বৃটিছ শাসনৰ পৰা মুক্তি লাভ কৰিছিল। স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন আমাৰ সমূহীয়া গৌৰৱ আৰু ঐক্যৰ প্ৰতীক। হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশ লৈ নিজৰ নিজৰ ঘৰত পতাকা উত্তোলন কৰাৰ লগতে পতাকাৰ সৈতে ছেলফি তুলি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। এই সমদল যাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে আমি সকলোৱে এখন স্বাধীন দেশৰ নাগৰিক হিচাপে গৌৰৱ অনুভৱ কৰোঁ। বৈচিত্ৰ্যতাৰ মাজত ঐক্য আমাৰ শক্তি। হৰ ঘৰ তিৰংগা কাৰ্যসূচীয়ে সকলোকে দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰাৰ লগতে ৰাষ্ট্ৰীয় গৌৰৱৰ চেতনা জাগ্ৰত কৰিব বুলি তেওঁ কয়। এই কাৰ্যসূচীয়ে নতুন প্ৰজন্মক ৰাষ্ট্ৰীয় পতাকাৰ মৰ্যাদা ভালদৰে হৃদয়ংগম কৰিবলৈ প্ৰেৰণা যোগাব বুলিও তেওঁ মন্তব্য কৰে। আজিৰ এই দুয়োটা সমদলৰ উদ্বোধনী অনুষ্ঠানত দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, অতিৰিক্ত আয়ুক্ত গোপাল শৰ্মা আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল। আজিৰ পদযাত্ৰাত বিধায়ক বসন্ত দাস, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, অতিৰিক্ত জিলা আয়ুক্ত মানস কুমাৰ শইকীয়া, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ লগতে বিশিষ্ট নাগৰিক, আৰক্ষী, অৰ্ধসামৰিক বাহিনী, গাওঁ প্ৰধান, স্বেচ্ছাসেৱী আৰু যুৱক-যুৱতী আদিয়ে অংশগ্ৰহণ কৰে। এই পদযাত্ৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হৈ মঙলদৈ নগৰৰ মাজেৰে গৈ পুনৰ জিলা আয়ুক্তৰ কাৰ্যালয়তে সামৰণি পৰে। সেইদৰে এই উপলক্ষে আয়োজিত বাইক ৰেলীৰো জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰম্ভ হৈ মঙলদৈ নগৰৰ মাজেৰে গৈ পুনৰ জিলা আয়ুক্তৰ কাৰ্যালয়তে সামৰণি পৰে। এই বাইক ৰেলীত আৰক্ষী, জীৱিকা সখী আৰু যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰে।