দৰঙত স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পৰ্কীয় সভা- কিশোৰ কুমাৰ শৰ্মা, মঙ্গলদৈ

দৰঙত স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পৰ্কীয় সভা

ৰঙিলী বাৰ্ত্তা সেৱা, মঙলদৈ, ২৭ জুলাই :: দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত ২৫ জুলাইত সমাগত স্বাধীনতা দিৱস উদযাপন বিষয়ক এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত স্বাধীনতা দিবস উদযাপনৰ সকলো দিশ সামৰি বিস্তৃতভাবে আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে কয় যে বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বী বিষয়াসকলে স্বাধীনতা দিৱস উদযাপন সম্পৰ্কীয় তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য সূচাৰুৰূপে পালন কৰি এই উদযাপন সফল কৰিব লাগিব। এইক্ষেত্ৰত তেওঁ সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় নিৰ্দেশ দিয়ে। সভাত স্বাধীনতা দিৱসৰ দিনা প্ৰদৰ্শন হ’বলগীয়া কুচ-কাৱাজ, সাংস্কৃতিক কাৰ্যসূচী আদিৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হয়। সভাত দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালেও বক্তব্য আগবঢ়ায়। উক্ত সভাত বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বী বিষয়াসকলৰ লগতে স্বেচ্ছাসেৱী সংগঠন, ব্যৱসায়ী সংস্থা, মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্য আৰু জিলাখনৰ কেইবাগৰাকী বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে।