দৰঙত ষোড়শ সংখ্যক মাতৃভাষা দিৱস উদযাপন আৰু ছহিদ মোজাম্মিল হক মাতৃভাষা বঁটা ২০২৩ প্ৰদান অনুষ্ঠান সম্পন্ন

দৰঙত ষোড়শ সংখ্যক মাতৃভাষা দিৱস উদযাপন আৰু ছহিদ মোজাম্মিল হক মাতৃভাষা বঁটা ২০২৩ প্ৰদান অনুষ্ঠান সম্পন্ন 

মঙ্গলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা-মই ‘সাহিত্য বঁটা’লাভ কৰিছোঁ যদিও ‘মাতৃভাষা বঁটা’ প্ৰথম বাৰৰ বাবে লাভ কৰিছোঁ। আপোনাসকলৰ গভীৰ চেতনাৰ বাবে আৰু বদান্যতাৰ বাবে মই নতজানু হৈ সশ্ৰদ্ধ সম্ভাষণ জ্ঞাপন কৰিছোঁ।মোৰ শ্ৰদ্ধাৰ লগত মিশ্ৰিত হৈ আছে ১৯৭২ খ্ৰীষ্টাব্দৰ মাধ্যম আন্দোলনৰ প্ৰথম ছহিদ , সেই সময়ৰ দেখিলেই মৰমলগা হাঁহিমুখীয়া ল’ৰাটি মোজাম্মিলৰ কৰুণ সোঁৱৰণিৰ চকুপানী। তেওঁৰ অবিস্মৰণীয় স্মৃতিত আপোনালোকে মোক প্ৰদান কৰিবলৈ সিদ্ধান্ত কৰা ‘মাতৃভাষা বঁটা ‘টি মোৰ বাবে সদায় হীৰকদ্যুটি হৈ থাকিব।….এই ভাষা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ‘মিতভাষ’ ,’অসমমীয়া মানুহৰ ইতিহাস ‘ গ্ৰন্থৰ স্ৰষ্টা, প্ৰখ্যাত কথা শিল্পী,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বেজবৰুৱা অধ্যাপক ড০ নগেন শইকীয়াৰ।সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ ,দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা পৰিচালনা সমিতিয়ে ৭২’ৰ মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী বীৰ ছহিদ মোজাম্মিল হকৰ ৫২ সংখ্যক ছহিদ দিৱস উপলক্ষে ৬ অক্টোবৰত দৰং জিলা সাহিত্য সভা প্ৰকল্প সভাগৃহত উদযাপিত ষোড়শ সংখ্যক মাতৃভাষা দিৱসত বৰ্ণাঢ্য ব্যক্তিত্বৰ অধিকাৰী ড০ শইকীয়াই অসমীয়া জাতীয় জীৱনলৈ যোগোৱা অনবদ্য বাবে তেওঁলৈ আগবঢ়োৱা ছহিদ মোজাম্মিল হক’ মাতৃভাষা বঁটা’ সন্দৰ্ভত এনেদৰে কয়। ‘জীৱনৰ অপৰাহ্নৰ অসুস্থতাই নিজে গৈ বঁটা গ্ৰহণ কৰাত বাধাৰ প্ৰাচীৰ গঢ়ি দিলেও ,মোৰ ভিতৰৰ মানৱীয় সত্তা সহ মনটো আপোনালোকৰ লগতে থাকিব।’শাৰিৰীক অসুস্থতাৰ বাবে নিজে আহিব নোৱাৰি অসমীয়া সাহিত্যৰ কাণ্ডাৰী ড০ শইকীয়াই সভাৰ সৈতে সংযুক্ত কৰা টেলফোনিক ভাষণত এনেদৰে কয়। প্ৰসঙ্গত তেওঁ ৬০ দশকৰ সময়ৰ লেখীয়া অসমীয়া ভাষাৰ সংকট এতিয়াও আঁতৰা নাই বুলি সদৌটিকে সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনাই আৰু কয় মাতৃভাষাৰ প্ৰতি থকা অগাধ প্ৰেম আৰু জাতীয় চেতনাই জাতিটোক উদ্ধুদ্ধ কৰি থাকিলেহে জাতি আৰু ভাষা শত্ৰুসকলক প্ৰতিহত কৰিবলৈ সম্ভৱ হ’ব। বঁটা প্ৰাপক গৰাকীয়ে নিজে আহি বঁটা গ্ৰহণ কৰিবলৈ অপৰাগ হোৱা হেতু তেওঁৰ উদ্যোক্তাসকলে ডিব্ৰুগড়ৰ বাসভৱনলৈ গৈ ড০ নগেন শ ইকীয়াক এই বঁটা প্ৰদান কৰিব বুলি সভাত ঘোষণা কৰে ।দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ সভাপতি ড০ চহিৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি আৰু বঁটা প্ৰদান অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলাকান্ত বৰাই কয়,শিপা নেহেৰুওৱাকৈ পৰিবৰ্তন নাহিলে ভাষা সমৃদ্ধ নহয়। তেওঁ ১৫ বছৰীয়া কিশোৰ ছাত্ৰ মোজাম্মিল হকে মাধ্যম আন্দোলনৰ নামত মাতৃভাষাৰ বাবে আত্মবলিদান দিব পৰাটোৱে তেওঁৰ বুকুত থকা জাতীয় প্ৰেম,ভাষা প্ৰেম কিমান গভীৰ হ’ব পাৰে তাৰে স্বাক্ষৰ বহন কৰে। সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ, সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ আৰু পৰিচালনা সমিতিৰ সম্পাদক মহিবুল হকে আঁত ধৰা অনুষ্ঠানত দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৱে ভাষণ দি কয়,ৰাছিয়া ,জাপান,চীন আদি দেশৰ মাতৃভাষাৰ প্ৰতি থকা সীমাহীন ভালপোৱা আৰু দায়বদ্ধতাৰ বাবে তেওঁলোক আজি বিশ্বৰ ‘চুপাৰ পাৱাৰ’ হৈ থাকিব পাৰিছে।সেয়ে তেওঁ সকলোকে মাতৃভাষাৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায় আৰু এই ক্ষেত্ৰত তেওঁ ছহিদ মোজাম্মিলৰ চৰম ত্যাগৰ উদাহৰণ দাঙি ধৰে আৰু ছহিৰ আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই অনুষ্ঠানটি উদ্বোধন কৰি দিয়া ভাষণত মাতৃভাষাৰ বাবে ছহিদ হোৱাটো মোজাম্মিল হক স্বদেশ প্ৰেমৰ অতুলনীয় নিদৰ্শন বুলি উল্লেখ কৰি কয়,অনেক ভাষা অনেক বেশ তথাপি আমাৰ এক বেশ ।সেয়ে এই মন্ত্ৰত মুগ্ধ হৈ আমি সকলো একলগ হোৱাৰ সময়।কাৰণ আমি সকলো অসমীয়া,আমাৰ মাজত কোনো বিভেদ নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি নুৰুল হকে ছহিদ মোজাম্মিল হকৰ স্মৃতিয়ে আমাৰ জাতীয় প্ৰেমৰ উন্মেষ ঘটায়,।সেয়ে জাতীয় বীৰ ছহিদ গৰাকীৰ ছহিদ দিৱসটি সকলো জাতীয় দল সংগঠনে ঐক্যবদ্ধ হৈ একেলগে পালন কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।মঙলদৈৰ বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস,গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদ,দ্যৌৰঙ্গ বাৰ্তাৰ সম্পাদক শঙ্কৰ কাকতি,আছুৰ বিত্তীয় সম্পাদক খনীন্দ্ৰ ৰাজবংশী,সোণৰ অসম কাকতৰ সম্পাদক ড০ মৃদুল হাজৰিকা,দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ৰাম চন্দ্ৰ ডেকা, সম্পাদক বসন্ত শইকীয়া ,সমাজকৰ্মী প্ৰাণজিৎ শইকীয়া,গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চহিদ আলি আহমেদ, জনগোষ্ঠীয় সম্পাদক ৰছিদ আহমেদ, সহকাৰী সাধাৰণ সম্পাদক জালাল উদ্দিন আহমেদ, প্ৰমুখ্যে প্ৰমুখ্যে বিশিষ্ট লোকসকলে ভাষণ দিয়া এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক খবিৰুদ্দিন আহমেদক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।নগৰবাহী উচ্চ মাধ্যমিক বিদ্যালয়, নগৰবাহী জোনজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু দৰং জিলা সাহিত্য সভাৰ আকাশ অনুষ্ঠানৰ শিল্পী সকলে সংগীত শিল্পী খনীন্দ্ৰ বৰাৰ পৰিচালনাৰে পৰিবেশন কৰা ‘আই তোক কিহেৰে পূঁজিমে’ গীতেৰে আৰম্ভ কৰা অনুষ্ঠানটোৰ পূৰ্বে জাতীয় বীৰ ছহিদ গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ছহিদ ভাতৃ বদৰুল হকে আৰু ছহিদ তৰ্পণ মুকলি কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আয়ুব আনছাৰীয়ে। অনুষ্ঠানত ধনমণি শইকীয়াই ছৈয়দ আব্দুল মালিকৰ কালজয়ী গীত ” জীৱনে মৰণে মই চিৰদিন অসমীয়া” গীতটি পৰিবেশন কৰি সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানৰ সামৰণিত জিলা সমিতিৰ সম্পাদক আলহাজুদ্দিন আহমেদ, কেন্দ্ৰীয় মহিলা কোষৰ সম্পাদিকা মকছিদা বেগম,জিলা উপ-সভাপতি মইনুল হক শইকীয়া,নুৰজাহান বেগম, দুষ্মন্ত নাথ,বাছিৰুণ নেছা, মনোৱাৰা বেগম প্ৰমুখ্যে ৫২ গৰাকী বিশিষ্ট লোকে ৫২ গছি বন্তি প্ৰজ্বলন কৰি জাতীয় বীৰ ছহিদ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। প্ৰতিবাৰে মাতৃভাষা দিৱসত দাবী কৰি অহাৰ দৰে এই বৰ্ষতো মুকলি সভাত দৰঙৰ অভিভাৱক মন্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত বীৰ ছহিদ মোজাম্মিল হকৰ বাস ভৱনৰ সমীপৰ মঙলদৈ অসামৰিক চিকিৎসালয়খনৰ নাম ‘ছহিদ মোজাম্মিল হক অসামৰিক চিকিৎসালয়,মঙলদৈ’ হিচাপে নামাকৰণ কৰিবলৈ,ছহিদ মোজাম্মিল হক পথৰ উশ্নয়ন সাধি নাম ফলক লগাবলৈ,ছহিদ গৰাকীৰ নামত অসম চৰকাৰৰ বঁটা ঘোষণা কৰিবলৈ দাবী জনোৱা হয় আৰু মন্ত্ৰী পাটোৱাৰীয়ে দাবীসমূহৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাণ চোৱাব বুলি তেওঁৰ ভাষণত উল্লেখ কৰে।