দৰঙত শোকাৱহ দুৰ্ঘটনাত নিহত দুই যুৱক
ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্র দেশৰ লগতে অসমতো ইছলামধর্মী লোকসকলে আনন্দৰে ঈদ-উল-ফিটৰ উদযাপন কৰাৰ মাজতেই সংঘটিত হৈছে এক শোকাৱহ ঘটনা । এই উৎসৱৰ আনন্দৰ মাজতে দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত ধনশ্ৰীঘাটত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ধুলাৰ অন্তৰ্গত গৰাপৰি খেৰাজ গাঁৱত সোমবাৰে পুৱা মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ হয়।এই ভয়াৱহ দুৰ্ঘটনাটোত দুজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন দুজন আহত হয় । পবিত্ৰ ঈদৰ নামাজৰ বাবে AS13 G7937 নম্বৰৰ মটৰ চাইকেলখনেৰে দুজন যুৱক ওলাই যোৱাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা AS13 R3830 নম্বৰৰ আন এখন মটৰ চাইকেলখনৰ সৈতে ধনশ্ৰীঘাটত মুখামুখি সংঘৰ্ষ হয় । এই দুৰ্ঘটনাটোত থিতাতে নিহত হয় আলগা চৰৰ শুকুৰ আলী (২৯) আৰু গড়াপৰিৰ জমিৰ আলী(১৯)। লগতে কিতাপ আলী আৰু নাছিৰুদ্দিন আলী নামৰ দুজন যুৱক গুৰুতৰভাৱে আহত হয় । আহত দুয়োজনকে প্ৰথমতে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।