দৰঙত শিশুৰ যতন আৰু সুৰক্ষা বিষয়ক সজাগতা সভা
ৰঙিলী বাৰ্ত্তা সেৱা, মঙলদৈ, ২৪ জুলাই::জিলা সমাজ কল্যাণ বিভাগ, দৰং আৰু জিলা আইন সেৱা প্ৰাধিকাৰী, দৰঙৰ উদ্যেগত মঙলদৈত অৱস্থিত পুঠিমাৰী গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত ২৩ জুলাইত ‘জুভেনাইল জাষ্টিচ (কেয়াৰ এণ্ড প্ৰটেকচন অব চিলড্ৰেন) এক্ট, ২০১৫’ ; ‘জুভেনাইল জাষ্টিচ (কেয়াৰ এণ্ড প্ৰটেকচন অব চিলড্ৰেন) মডেল ৰুলছ, ২০১৬’ আৰু ‘দি এডপশ্যন ৰেগুলেশ্বন এক্ট,২০১৭’ বিষয়ক এক সজাগতা সভা অনুষ্ঠিত হয়। সভাত দৰঙৰ মহকুমা ন্যায়িক দণ্ডাধীশ কংকন ভৰদ্বাজে জুভেনাইল জাষ্টিচ (কেয়াৰ এণ্ড প্ৰটেকচন চিলড্ৰেন) এক্ট, ২০১৫ ৰ বিষয়ে সবিশেষ ব্যাখ্যা আগবঢ়ায়। তেওঁ ভাষণত শিশুৰ অপৰাধ, অপৰাধ সংঘটিত কৰা শিশুক শুদ্ধ পথলৈ অনাৰ ন্যায়িক ব্যৱস্থা আদিৰ বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰে। তেওঁ এই আইনখনৰ প্ৰসংগত সভাত উপস্থিত শ্ৰোতাসকলৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে। দৰং জিলাৰ আইন সেৱা প্ৰাধিকাৰীৰ সচিব শতাব্দী ভূঞাই জুভেনাইল জাষ্টিচ (কেয়াৰ এণ্ড প্ৰটেকচন অব চিলড্ৰেন) মডেল ৰুলছ, ২০১৬ ৰ বিষয়ে বক্তব্য আগবঢ়ায়। সভাত বিশেষ দত্তক গ্ৰহণ কেন্দ্ৰ, দৰঙৰ মুখ্য কাৰ্যবাহী ময়ুখ গোস্বামীয়ে দি এডপশ্যন ৰেগুলেশ্বন এক্ট,২০১৭ ৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় আৰু সভাত উপস্থিত শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষা নিলীমা দেৱীয়ে সভাত ভাষণ প্ৰদান কৰি শিশুৰ উপযুক্ত যতন, শিশুৰ সামাজিক সুৰক্ষা, দত্তক গ্ৰহণ, দত্তক সন্তানৰ প্ৰতিপালনৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ দায়বদ্ধতা আদিৰ ওপৰত আলোকপাত কৰে। জিলা শিশু কল্যাণ কমিটিৰ অধ্যক্ষ ড° বুধিন হাজৰিকাই দত্তক শিশু গ্ৰহণ, এইক্ষেত্ৰত থকা আইনী সা-সুবিধা আৰু দায়বদ্ধতা আদিৰ বিষয়ে বক্তব্য আগবঢ়ায়। দৰঙৰ জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াই সভাত ভাষণ প্ৰদান কৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে জিলা সমাজ কল্যাণ বিষয়া কোষেশ্বৰ বৰাই । উল্লেখ্য যে অনুষ্ঠানত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ অধীনত চলি থকা মহিলা সম্পৰ্কীয় ১০০ দিনীয়া বিশেষ সজাগতামূলক কাৰ্যসূচীৰ ওপৰতো আলোকপাত কৰা হয়। সভাত মহিলা আৰু শিশু বিকাশ প্ৰকল্পৰ বিষয়াসকল, সংকল্প- মহিলা সবলীকৰণ কেন্দ্ৰৰ বিষয়ববীয়াসকল, মুখ্য সেৱিকা, অংগনাৱাড়ী কৰ্মী, আশাকৰ্মী, গাওঁপ্ৰধানৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।