দৰঙত লোক কল্যাণ দিৱস পালন
মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- আজি দৰঙৰ জিলা পুথিভঁৰালত লোক কল্যাণ দিৱস পালন কৰা হয়। ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ কৰ্মৰাজি আৰু অৱদানৰ ওপৰত আলোকপাত কৰে। জিলা আয়ুক্তগৰাকীয়ে গ্ৰুপিঙৰ সময়ত বৰদলৈয়ে গ্ৰহণ কৰা ভূমিকাই অসমক কিদৰে ৰক্ষা কৰিলে সেই বিষয়ে উল্লেখ কৰে। ৰাজ্যখনত উচ্চ ন্যায়ালয়, বিশ্ববিদ্যালয় আদি স্থাপনৰ ক্ষেত্ৰতো বৰদলৈৰ ভুমিকাৰ কথাও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। লোক কল্যাণ দিৱস পালনে আধুনিক অসমৰ অন্যতম নিৰ্মাতা লোকপ্ৰিয় বৰদলৈৰ জীৱন আৰু আদৰ্শৰে উদ্বুদ্ধ হৈ সমাজৰ হিতৰ কাৰণে কাম কৰি যাবলৈ সকলোকে প্ৰেৰণা যোগাব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিচিত্ৰ কুমাৰ মেধিয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ শৈক্ষিক জীৱন, স্বাধীনতা সংগ্ৰামীৰূপে তেওঁৰ ভুমিকা, স্বাধীনোত্তৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰূপে আগবঢ়োৱা তেওঁৰ অৱদান আদিৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। এগৰাকী মহান সংগঠক, জনপ্ৰিয় নেতা আৰু সুপ্ৰশাসকৰূপে খ্যাত লোকপ্ৰিয় বৰদলৈয়ে দেশ বিভাজনৰ সময়ত অসমক পূব পাকিস্তানত চামিল হোৱাৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভুমিকাৰ কথাও তেওঁ উল্লেখ কৰে। উক্ত অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে দৰঙৰ জিলা আয়ুক্ত মানস কুমাৰ শইকীয়াই । অনুষ্ঠানৰ আৰম্ভণিতে সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰে। সভাত মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, দৰঙৰ অতিৰিক্ত জিলা আয়ুক্তকেইগৰাকীৰ লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী,বিশিষ্ট নাগৰিক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে | জিলা আয়ুক্তগৰাকীয়ে মঙলদৈত অৱস্থিত গোপীনাথ বৰদলৈ উদ্যানত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।