দৰঙত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ

দৰঙত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ

 মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ আন ঠাইৰ লগতে দৰং জিলাতো ৮ আগষ্টত ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ হয়। এই উপলক্ষে ছিপাঝাৰ মহাবিদ্যালয়ত ছাত্ৰীসকলৰ মাজত প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে আৰু মঙলদৈ মহাবিদ্যালয়ত ছাত্ৰীসকলৰ মাজত প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে মঙলদৈৰ বিধায়ক বসন্ত দাসে। দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে দলগাঁৱত অৱস্থিত পণ্ডিত দীন দয়াল আদৰ্শ মহাবিদ্যালয়ত প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে । ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে ছিপাঝাৰ মহাবিদ্যালয়ত প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰি কয় যে ছাত্ৰীৰ সৰ্বাংগীন বিকাশ তথা নাৰী সবলীকৰণৰ ক্ষেত্ৰত এই আঁচনিৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপে বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ লগতে বিত্তীয় বাধা নেওচি আগবাঢ়ি যাবলৈ ছাত্ৰীসকলক প্ৰেৰণা যোগাব। মঙলদৈ মহাবিদ্যালয়ত প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰি বিধায়ক বসন্ত দাসে কয় যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি নাৰী সবলীকৰণৰ ক্ষেত্ৰত এক সময়োপযোগী পদক্ষেপ। এই আঁচনিয়ে বাল্যবিবাহ ৰোধ কৰাৰ লগতে ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশ সাধনত সহায় কৰিব। দৰঙৰ দলগাঁৱত অৱস্থিত পণ্ডিত দীন দয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত এই আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ অনুষ্ঠানত দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে নিযুত মইনা আঁচনিখন ছাত্ৰীসকলক উদ্গনি জগোৱাৰ বাবে গ্ৰহণ কৰা এখন অভিলাষী আঁচনি। এই আঁচনিয়ে অধিক সংখ্যক ছাত্ৰীৰ বাবে উচ্চ শিক্ষা লাভৰ বাট প্ৰশস্ত কৰিব। তেওঁ লগতে কয় যে শিক্ষাৰ্থীসকলে নিজৰ উৎকৰ্ষ সাধনৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে‌।তেওঁ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ সুবিধা গ্ৰহণ কৰি বিদ্যায়তনিক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ ছাত্ৰী সমাজৰ প্ৰতি আহ্বান জনায়। দৰং জিলাৰ এই মহাবিদ্যালয় কেইখনৰ লগতে সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানসমূহত দিছপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি শুভাৰম্ভ কৰা অনুষ্ঠান আৰু তেখেতৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়। উদ্বোধনী অনুষ্ঠানসমূহত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া, শিক্ষানুষ্ঠানসমূহৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকল উপস্থিত থাকে।উল্লেখ্য যে দৰং জিলাত এইবাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰীৰ বাবে ২৭১৭খন আৰু স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰীৰ বাবে ৩৩১৮খন প্ৰ-পত্ৰ বিতৰণৰ ব্যৱস্থা কৰা হৈছে ।