দৰঙত ভাষা গৌৰৱ সপ্তাহৰ শুভাৰম্ভণি অনুষ্ঠান
মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো ৩ নবেম্বৰত জিলা প্ৰশাসনৰ উদ্যোগত ভাষা গৌৰৱ সপ্তাহৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পিছত অসম চৰকাৰে ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰ, ২০২৪ তাৰিখলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিবৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই উপলক্ষে মঙলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে। সভাত ভাষণ প্ৰদান কৰি বিধায়কগৰাকীয়ে কয় যে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাতো আমাৰ বাবে গৌৰৱ। তেওঁ সকলোকে নিজৰ ঘৰখন বা কৰ্মস্থলীত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। অসমীয়া ভাষা সকলোতে ব্যৱহাৰ কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পাৰিম বুলি আশা প্ৰকাশ কৰে। সভাত মুখ্য বক্তাৰূপে উপস্থিত থাকি মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° বিজয় কুমাৰ শৰ্মাই ‘অসমীয়া ভাষাৰ ক্ৰমবিকাশ, সম্ভাৱনা আৰু ভৱিষ্যত আৰু অসমীয়া ভাষা সাহিত্যলৈ দৰঙৰ বিশিষ্ট কবি সাহিত্যিক সকলৰ অৱদান’ৰ ওপৰত ভাষণ প্ৰদান কৰে। তেওঁ অসমীয়া ভাষাৰ বীজ চতুৰ্থ শতিকাৰ তামৰ ফলিত পোৱা হৈছে বুলি কয়। ভাষণত বিশিষ্ট শিক্ষাবিদগৰাকীয়ে কয় যে যি সময়ত ভাৰতবৰ্ষত থলুৱা ভাষাবিলাকত সাহিত্য ৰচনা কৰা হোৱা নাছিল সেইসময়ত অসমৰ থলুৱা ভাষাত আন্তৰ্জাতিক পৰ্যায়ত সাহিত্য ৰচনা হৈছিল ।তেওঁ সকলোকে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আৰু বাতৰি কাকত পঢ়িবলৈ আহ্বান জনায়। সভাত আদৰণি ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতীয়ে বিভিন্ন সংগঠন, স্বেচ্ছাসেৱী সংগঠন, পঞ্চায়ত , চৰকাৰী কাৰ্যালয়ত ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি অসমীয়া ভাষাৰ চৰ্চা কৰাৰ লগতে প্ৰস্তাৱ ল’বলৈ আহ্বান জনায়। তেওঁ ছাত্ৰ -ছাত্ৰীসকলৰ মাজত ভাষা গৌৰৱ সপ্তাহ উপলক্ষে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে বুলি কয়। তেওঁ দৰং জিলাৰ পৰা যথেষ্ট সংখ্যক চিঠি প্ৰধানমন্ত্ৰীলৈ আৰু যথেষ্ট সংখ্যক প্ৰস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব বুলি আশা প্ৰকাশ কৰে। সভাত দৰং জিলাৰ পৰা ভাষা- সাহিত্য-সংস্কৃতিলৈ বিশেষ অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিলৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তেওঁলোক হৈছে পদ্মশ্ৰী দ্ৰোণ ভূঞা, বিধায়ক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক ড° পৰমানন্দ ৰাজবংশী, বিশিষ্ট সংস্কৃত পণ্ডিত মতিদেৱ শাস্ত্ৰী, বিশিষ্ট সাহিত্যিক, মৌজাদাৰ প্ৰভাত নাৰায়ণ চৌধুৰী, দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক নৰেন হাজৰিকা। সভাত অতিৰিক্ত জিলা আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰীসকল, বিশিষ্ট সাহিত্যিকসকলৰ লগতে বহু গণ্য মাণ্যলোক উপস্থিত থাকে। উক্ত সভাত দুটা প্ৰস্তাৱ লোৱা হয়। এটা প্ৰস্তাৱ চতুৰ্থ শতিকাৰ পৰা অসমীয়া ভাষা-সাহিত্যলৈ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ বাবে ধন্যবাদ জনাই আন এটি প্ৰস্তাৱ লোৱা হয়। তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধন্যবাদসূচক এখন চিঠি লিখা হয় আৰু সভাত উপস্থিত থকা প্ৰত্যেকেই উক্ত চিঠিখনত চহী কৰে আৰু এই চিঠিখন প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব।