দৰঙত বিশ্ব আয়ডিনৰ অভাৱজনিত বিসংগতি প্ৰতিৰোধ দিৱসৰ লগত সংগতি ৰাখি সজাগতা কাৰ্য্যসূচী
মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আজি দৰঙতো আয়োজিত হয় বিশ্ব আয়ডিনৰ অভাৱজনিত বিসংগতি প্ৰতিৰোধ দিৱসৰ কাৰ্য্যসূচী। কাৰ্য্যসূচীৰ অংশ হিচাবে মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনৰ পৰা পুৱা এক সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয় ।এই সজাগতামূলক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ গোস্বামীয়ে।এই কাৰ্যসূচীৰ পিছতেই অনুষ্ঠিত হয় এক সজাগতামূলক সভা।এই সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীয়ে আয়ডিনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ অভাৱত হব পৰা ৰোগ সন্দৰ্ভত বক্তব্য ৰাখি তেওঁ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে সকলো ছাত্ৰীৰ প্ৰতি অনুৰোধ জনায়। আনহাতে বিদ্যালয় খনৰ অধ্যক্ষা মৌচুমী চহৰীয়াইও ভাষণ প্ৰদান কৰে।ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা মাধ্যম বিশেষজ্ঞ জাহ্নৱী শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত মহকুমা স্বাস্থ্য বিষয়াদ্বয় ক্ৰমে ডাঃ লিপিকা বৰা আৰু ডাঃ নৃপেন কুমাৰ, জিলা সমন্বয়ক ৰাতিকা কলিতাৰ লগতে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়ত্ৰী আৰু শতাধিক ছাত্ৰী উপস্থিত থাকে।