দৰঙত পথ সুৰক্ষা সমিতিৰ সভা

দৰঙত পথ সুৰক্ষা সমিতিৰ সভা

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা কালি অনুষ্ঠিত হয় । সভাত বাৰিষাৰ বতৰত জিলাখনৰ বিভিন্ন বাট-পথ ক্ষতিগ্ৰস্ত হোৱা আৰু এই সমূহৰ উপযুক্ত মেৰামতি প্ৰসংগই বিশেষ গুৰুত্ব লাভ কৰে। বাৰিষাৰ বৰষুণে জিলাখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অন্যান্য পথসমূহত সৃষ্টি হোৱা গাঁতে বিপদৰ সম্ভাৱনীয়তা বৃদ্ধি কৰে। এনে গাঁতসমূহ পূৰ কৰাৰ বাবে জিলা আয়ুক্তই সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। সভাত ই-ৰিক্সাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱা আৰু ই-ৰিক্সাৰ চালকসকলে সৃষ্টি কৰা সমস্যাৰ বিষয়েও বিস্তৃতভাবে আলোচনা কৰা হয়। ইয়াৰ উপৰিও যাত্ৰী সৰবৰাহ কৰা সৰু গাড়ী য’তে-ত’তে পাৰ্কিং কৰা, মঙলদৈ চহৰৰ মাজত এনে বাহনসমূহে কৰ্তৃত্বহীন ভাৱে ঘূৰাঘূৰি কৰা আদি বিভিন্ন বিষয়ে আলোচনাত ঠাই পায়। এই সংক্ৰান্তত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে মঙলদৈ পৌৰসভা, জিলা আৰক্ষী, জিলা পৰিবহন আদি বিভাগসমূহক নিৰ্দেশ দিয়ে। তেওঁ লগতে কয় যে পথ সুৰক্ষা বৃদ্ধিৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বিশেষ গুৰুত্ব আছে। দ্ৰুতগতিত গাড়ী চলোৱা, সুৰাপান কৰি গাড়ী চলোৱা, হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন চলোৱা আদিৰ বিৰুদ্ধে জনসচেতনতা বৃদ্ধি কৰিব লাগিব। ইয়াৰ লগতে পথ সুৰক্ষাৰ আন নীতি-নিয়ম আৰু আইন কানুন সম্পৰ্কীয় সজাগতা সৃষ্টিৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে পথ সুৰক্ষা বিষয়ক সজাগতামূলক অভিযান নগৰাঞ্চলতে সীমিত নাৰাখি গ্ৰামাঞ্চললৈ প্ৰসাৰিত কৰিব লাগিব। ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ জিলা পৰিবহন বিভাগক নিৰ্দেশ দিয়ে। সভাত সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়া সকল উপস্থিত থাকে।