দৰঙত ধপাতমুক্ত যুৱ সজাগতা ২.০ ৰ শুভাৰম্ভনী 

দৰঙত ধপাতমুক্ত যুৱ সজাগতা ২.০ ৰ শুভাৰম্ভনী 

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- জিলা স্বাস্থ্য সমিতি আৰু জিলা ধপাত প্ৰতিৰোধ কোষ দৰঙৰ উদ্যোগত আজি দৰং জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ত ধপাতমুক্ত যুৱ সজাগতা ২.০ ৰ আৰম্ভণি অনুষ্ঠান দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হয় । অনুষ্ঠানৰ আৰম্ভণিতে জিলা ধপাত প্ৰতিৰোধ কোষৰ তত্ত্বাৱধায়ক ডাঃ নিপেন কুমাৰে সভাৰ উদ্দেশ্য বাখ্যা কৰি  ধপাত সেৱনৰ পৰা হোৱা কেন্সাৰকে আদি কৰি বিভিন্ন বেমাৰৰ বিষয়ে অৱগত কৰে আৰু ধপাতসেৱন ৰোধ  কৰিবলৈ সজাগতাকে আদি কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।  স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত গৌৰী প্ৰিয়া দেউৰীয়ে এই সজাগতাৰ শুভাৰম্ভনী কৰি কয় যে আগন্তুক দুমহীয়া এই যুৱ সজাগতাৰ লক্ষ্যৰে স্বাস্থ্য ,আৰক্ষী তথা প্ৰশাসনৰ লোকৰ দ্বাৰা এক বিশেষ দল গঠন কৰি জিলাখনৰ বিদ্যালয় তথা অনুষ্ঠান -প্ৰতিষ্ঠানৰ ১০০ গজ  পৰিসীমাত থকা দোকান-পোহাৰ সমুহত যাতে কোনো ধৰনৰ ধপাত যুক্ত সামগ্ৰী ৰাখিব নোৱাৰিব তাৰ সজাগতা গঢ়ি তোলা হব আৰু পৰৱৰ্তী পৰ্যায়ত  তালাচী অভিযান চলাই তেনে সামগ্ৰী পালে জৰিমনা বিহা হব বুলি উল্লেখ কৰে । জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইমা দাসে নিজৰ বক্তব্যত উক্ত অভিযানত আৰক্ষীৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগ প্ৰদানৰ আশ্বাস দিয়ে । সভাত জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই  স্বাস্থ্য বিভাগকে ধৰি আৰক্ষী ,প্ৰশাসন তথা শিক্ষা বিভাগ তথা অন্যান্য বিভাগৰ সমুহীয়া সহযোগিতাৰে এই দুমহীয়া ধপাতমুক্ত যুৱ সজাগতা ২.০ ৰ সফলতা কামনা কৰে । অৰ্ধশতাধিক লোকৰ উপস্থিতিত হোৱা সজাগতা সভাখন মনস্তত্ত্ববিদ পুষ্প কলিতাৰ ভাষন আৰু উদ্যোক্তাৰ শলাগৰ শৰাইৰে সামৰণি পৰে।