দৰঙত দেশভক্তি দিৱস পালন

দৰঙত দেশভক্তি দিৱস পালন

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱাকালি দৰং জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত দেশভক্তি দিৱস উদযাপন কৰা হয়। তদুপলক্ষে দৰঙৰ জিলা আয়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেয়ে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে । উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী তথা মঙ্গলদৈ চেম্বাৰ অৱ কমাৰ্চৰ সভাপতি মুকুল চন্দ্ৰ ডেকা , জেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাসৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই দেশভক্তৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত মুণীন্দ্ৰ নাথ ঙাটেয়ে দেশভক্ত ফুকনৰ ব্যক্তিত্বৰ বিভিন্ন দিশ আৰু গুণৰাজিৰ ওপৰত আলোকপাত কৰে। তেখেতে কয় যে একেধাৰে সফল আইনজীৱি, সুশিক্ষক, সুবক্তা, সুলেখক আৰু প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী ফুকন ডাঙৰীয়াই তেখেতৰ অৱদানৰাজিৰে আমাৰ জাতীয় জীৱন সমৃদ্ধ কৰি থৈ গৈছে। ভাষণ প্ৰসংগত জিলা আয়ুক্ত গৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীয়ে ১৯২১ চনত অসম ভ্ৰমণ কালত ভৰলুমুখত দেশভক্ত ফুকনৰ ঘৰত অতিথি হোৱা, ফুকনৰ হাউলীত অসমৰ প্ৰথম বিদেশী বস্তু দাহ কাৰ্যসূচী ৰূপায়ন, ১৮২৬ চনত পাণ্ডুত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিবেশনৰ সফলতাত ফুকনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে । ব্ৰিটিছৰ হাতৰ পৰা ভাৰতৰ স্বাধীনতা লাভকে জীৱনৰ ব্ৰত ৰূপে গ্ৰহণ কৰা দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শৰে নৱপ্ৰজন্মক উদ্ধুদ্ধ কৰাৰ ওপৰতো জিলা আয়ুক্ত গৰাকীয়ে গুৰুত্ব প্ৰদান কৰে । আনহাতে জেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাসে তেওঁৰ ভাষণত গুৱাহাটীৰ কলেজিয়েট স্কুলৰ পৰা লণ্ডনৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠানৰ আইনৰ ডিগ্ৰী লোৱালৈকে ফুকনৰ সফল ছাত্ৰ জীৱনৰ পৰিক্ৰমাৰ বিষয়ে উল্লেখ কৰে । তেওঁ লগতে দেশভক্ত ফুকনে এগৰাকী লেখক হিচাপে অসমৰ সাহিত্যৰ ভঁৰাললৈ আগবঢ়োৱা অৱদান, স্বাভিমানী অসমীয়া হিচাপে ফুকনৰ ব্যক্তিত্ব, ভাৰতৰ স্বাধীনতা সংগ্ৰামত ফুকনে গ্ৰহণ কৰা ভূমিকা , ১৯২৭ চনৰ অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত তেখেতৰ সভাপতিত্ব আদিৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে । উল্লেখ্য যে উক্ত অনুষ্ঠানত জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, সংবাদ মাধ্যমৰ লোকৰ লগতে বিভিন্ন সংগঠনৰ প্ৰতিনিধি আদি উপস্থিত আছিল।