দৰঙত জিলা পৰ্য়ায়ত পোষণ মাহ, ২০২৩ ৰ উদ্ধোধনী অনুষ্ঠান

দৰঙত জিলা পৰ্য়ায়ত পোষণ মাহ,২০২৩ ৰ উদ্ধোধনী অনুষ্ঠান

মঙ্গলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা-  ‘ৰাষ্ট্ৰীয় পোষণ মাহ,২০২৩’ ৰ লগত সংগতি ৰাখি দৰঙত ৭ চেপ্তেম্বৰত জিলা পৰ্যায়ত পোষণ মাহ,২০২৩ ৰ শুভ উদ্বোধন কৰা হয়। দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে জিলা পৰ্যায়ত পোষণ মাহৰ শুভ উদ্বোধন কৰে। এখন ‘সুপোষিত ভাৰত’, শিক্ষিত ভাৰত, শক্তিশালী ভাৰত’ গঢ়াৰ লক্ষ্যেৰে পোষণ মাহৰ লগত জড়িত সকলো বিভাগকে নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি যাবলৈ তেওঁ আহ্বান জনায়। সভাত ভাষণ প্ৰদান কৰি দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকাই এখন সুস্থ আৰু সমৃদ্ধিশালী দেশ গঢ়াৰ ক্ষেত্ৰত শিশু সকলৰ সুস্বাস্থ্যৰ গুৰুত্বৰ কথা উল্লেখ কৰে । তেওঁ কয় যে পোষণ মাহৰ কাৰ্যসূচীৰ সফলতাই এই ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব । সভাত ভাষণ প্ৰদান কৰি জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাই কয় যে পোষণ মাহৰ সমূহ কাৰ্যসূচীৰ সফলতাৰ বাবে সংশ্লিষ্ট সকলো বিভাগে সম্পূৰ্ণ সহযোগিতাৰে কাম কৰিব লাগিব। দৰং জিলাই এনেদৰে চৰকাৰী কাৰ্যসূচী আৰু আঁচনি ৰূপায়নৰ ক্ষেত্ৰত শেহতীয়াকৈ লাভ কৰা সফলতাৰ কথাও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে । অনুষ্ঠানত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: এন কে বেৰীয়াই পোষণ মাহৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি বিশেষ স্বাস্থ্য শিবিৰ আয়োজনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।প্ৰাপ্ত তথ্য অনুসৰি জিলা সমাজ কল্যাণ বিষয়া কোষেশ্বৰ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা উক্ত অনুষ্ঠানত জিলাখনৰ কৰিশ্মা সিধা আৰু ময়ুৰী বৈশ্য নামৰ দুটি শিশুক “স্বাস্থ্যবান শিশু বঁটা” প্ৰদান কৰা হয়। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত উপাসনা দত্তৰ লগতে জিলাখনৰ সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল।