দৰঙত জিলা উন্নয়ন সমিতিৰ সভা

দৰঙত জিলা উন্নয়ন সমিতিৰ সভা

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা-  দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা উন্নয়ন সমিতিৰ সভা অনুষ্ঠিত হয়। এই সভাখনত জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সমাজ কল্যাণ, স্বাস্থ্য, লোকনিৰ্মাণ, জলসম্পদ , কৃষি, শিক্ষা, পশুপালন আদি বিভাগসমূহৰ জনকল্যাণমূলক আঁচনি তথা কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়।পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰ্যালোচনাত বিভাগটোৰ অধীনত ৰূপায়িত হৈ থকা গৃহনিৰ্মাণৰ কাম-কাজ, কৰ্মদিনৰ সৃষ্টি আদিয়ে গুৰুত্ব লাভ কৰে। লোকনিৰ্মাণ (গৃহ) বিভাগৰ অধীনত দৰং জিলাত নিৰ্মাণ চলি থকা মহিলা মহাবিদ্যালয়ৰ অগ্ৰগতি, এই মহাবিদ্যালয় চৌহদৰ সৌন্দর্যবৰ্ধনৰ আদিৰ বিষয়ে আলোচনা কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে এই মহাবিদ্যালয়খনে জিলাখনৰ ছোৱালীৰ উচ্চশিক্ষাৰ উন্নয়নত গুরুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ পৰ্যালোচনাত শিশুৰ টীকাকৰণ, চিকিৎসালয়ত সন্তান জন্ম, নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ আদি স্বাস্থ্য বিষয়ক সূচাংকসমূহৰ বিষয়ে পৰ্যালোচনা কৰা হয়। শিক্ষা বিভাগৰ আলোচনাত শিক্ষানুষ্ঠানত শিক্ষক আৰু শিক্ষার্থীৰ উপস্থিতিৰ তথ্য, পঢ়াশুনা আধৰুৱা কৰি বিদ্যালয় এৰা ছাত্র-ছাত্ৰীৰ হাৰ, দুপৰীয়াৰ আহাৰ আদি বিষয়ে গুৰুত্ব লাভ কৰে। জিলা কৃষি বিষয়াই ধান ক্ৰয়ৰ ক্ষেত্ৰত হোৱা অগ্ৰগতি, প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ ক্ষেত্ৰত লাভ কৰা সফলতা আদিৰ বিষয়ে জিলা আয়ুক্তক অৱগত কৰে। ৰেচম বিভাগৰ ভূমিত প্ৰস্তাবিত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে বিভাগৰ প্ৰাকৃতিক সম্পদৰাজিৰ যথোপযুক্ত স্থানান্তৰকৰণৰ ব্যবস্থাৰ প্ৰসংগয়ো আজিৰ আলেচনাত স্থান পায়। এই পৰ্যালোচনাসভাত উদ্যোগ, মীন, শ্ৰম, ভূমি সংৰক্ষণ, পশুপালন আৰু পশুচিকিৎসা, জলসম্পদ আদি বিভাগৰ বিভিন্ন আঁচনি আৰু কামকাজৰ বিষয়ে বিস্তৃতভাবে আলোচনা কৰা হয়। জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে দৰঙ জিলাই ইতিমধ্যে বিভিন্ন ক্ষেত্রত লাভকৰা সফলতাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি তথা সন্মান লাভ কৰিছে। জিলাখন যাতে উন্নয়নৰ সকলো সূচাংকতে আগবাঢ়ি থাকে তাৰবাবে বিভাগসমূহৰ সকলো বিষয়া-কৰ্মচাৰীয়ে একাগ্রতা আৰু দায়বদ্ধতাৰে কাম কৰি যাব লাগিব বুলি তেওঁ লগতে কয়। উক্ত পৰ্যালোচনা সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাসৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে।