দৰঙত জিলা উন্নয়ন সমিতিৰ সভা

দৰঙত জিলা উন্নয়ন সমিতিৰ সভা

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱাকালি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা উন্নয়ন সমিতিৰ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত স্বাস্থ্য, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সমাজ কল্যাণ, লোকনিৰ্মান, কৃষি, জনস্বাস্থ্য কাৰিকৰী, পশুপালন আদি বিভাগসমূহত ৰূপায়ণ হৈ থকা জনকল্যাণমূলক আঁচনিসমূহ আৰু বিভিন্ন কাম-কাজৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনাত আধাৰ পঞ্জীয়ন, এম জি এনৰেগা, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, আৱাস প্লাছ আদি বিভিন্ন বিষয়ে গুৰুত্ব লাভ কৰে।স্বাস্থ্য বিভাগৰ পৰ্যালোচনাত নৱজাতকৰ মৃত্যুৰ হাৰ আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস, যক্ষ্মা ৰোগ প্ৰতিৰোধ আদি বিষয়ত গুৰুত্ব প্ৰদান কৰা হয় । লোক নিৰ্মাণ বিভাগে জিলাখনত নিৰ্মীয়মান অৱস্থাত থকা আদৰ্শ বিদ্যালয়, আদৰ্শ মহাবিদ্যালয়, মহাপ্ৰভু জগন্নাথ সমূহীয়া ভৱন আৰু দক্ষতা কেন্দ্ৰ আদি বিভিন্ন কামৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। সমাজ কল্যাণ বিভাগে পাৱাৰপইন্ট প্ৰেজেনটেশ্বনৰ জৰিয়তে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, মিছন শক্তি, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, ৱান ষ্টপ চেন্টাৰ আদিৰ বিষয়ে অৱগত কৰে। জিলা আয়ুক্তই দৰঙত তৃতীয় লিংগৰ লোকসকলৰ বাবে আশ্ৰয়স্থলৰ সু-ব্যৱস্থাৰ লগতে শীঘ্ৰেই তেওঁলোকৰ কাৰণে উপযুক্ত বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৃষি বিভাগৰ পিএম কিষাণ, পিএম ফচল বীমা যোজনা আদি বিভিন্ন আঁচনিৰ খতিয়ান গ্ৰহণ কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে দৰং জিলাই ধান ক্ৰয়ৰ দিশত লাভ কৰা সফলতাৰ দৰে সৰিয়হ ক্ৰয়ৰ ক্ষেত্ৰতো সফলতা লাভ কৰিব লাগিব। এই সভাখনত বিভিন্ন বিভাগসমূহৰ জিলা পৰ্যায়ৰ মূৰব্বী বিষয়াসকলে বিভাগীয় কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে পাৱাৰপইন্ট প্ৰেজেনটেশ্বনৰ জৰিয়তে অৱগত কৰে।উক্ত এই পৰ্যালোচনা সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে।