দৰঙত  জিলা আয়ুক্তৰ লোকসভা নিৰ্বাচন বিষয়ক পৰ্যালোচনা সভা

দৰঙত  জিলা আয়ুক্তৰ লোকসভা নিৰ্বাচন বিষয়ক পৰ্যালোচনা সভা

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দৰঙৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া মুনীন্দ্ৰ নাথ ঙাটেয়ে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাগৃহত লোকসভা নিৰ্বাচনৰ বাবে জিলাখনত গঠিত বিভিন্ন কোষৰ মুৰব্বী বিষয়াসকলৰ সৈতে নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে ২৮ মাৰ্চত এক পৰ্যালোচনা সভাত  মিলিত হয়। সভাত জিলাখনৰ  ভোট কেন্দ্ৰ সমূহত বিদ্যুতৰ সংযোগ , ৰেম্পৰ সুবিধা,তুলনামূলকভাবে দুৰ্গম অঞ্চলৰ ভোটকেন্দ্ৰসমূহলৈ বিষয়া – কৰ্মচাৰীৰ যাতায়াত, বিশেষ ভাৱে সক্ষম ভোটাৰৰ কাৰণে হুইল চেয়াৰৰ ব্যবস্থা , অনুজ্ঞাপত্ৰযুক্ত আগ্নেয়াস্ত্ৰ জমা কৰা , আদৰ্শ ভোটকেন্দ্ৰৰ সজ্জা, নিৰ্বাচন বিষয়ক সজাগতামূলক প্ৰচাৰ আদি বিভিন্ন বিষয় সম্পৰ্কে বিস্তৃতভাবে পৰ্যালোচনা কৰা হয়। ভোটগ্ৰহণ কেন্দ্ৰসমূহত বিদ্যুৎ সংযোগ , ৰেম্প আদি বিভিন্ন সুবিধা নিশ্চিত কৰিবৰ বাবে জিলা আয়ুক্ত গৰাকীয়ে চক্ৰ বিষয়াসকলক নিজ নিজ অঞ্চলৰ ভোটকেন্দ্ৰ সমূহলৈ গৈ এই সুবিধা – অসুবিধা সমূহৰ বিষয়ে সোনকালে তেওঁৰ ওচৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। সেইদৰে নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়া- কৰ্মচাৰী সকলৰ যাতায়াতৰ পৰা বিশেষ ভাৱে সক্ষম ভোটাৰৰ বাবে হুইল চেয়াৰৰ ব্যবস্থা, ফ্লাইং স্কোৱাড দলে গ্ৰহণ কৰিবলগীয়া সতৰ্কতালৈকে বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰি জিলা আয়ুক্তগৰাকীয়ে কোষসমূহৰ মুৰব্বী বিষয়া সকলক প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে। লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে প্ৰযোজ্য হোৱা নিৰ্বাচনী আচৰণ বিধি অনুসৰি দৰং জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো চৰকাৰী প্ৰচাৰমূলক প’ষ্টাৰ, বেনাৰ, বিজ্ঞাপন আদি আঁতৰ কৰা তথা নিৰ্বাচনী আচৰণ বিধিৰ সঠিক পালন সুনিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যবস্থাৰ বিষয়েও  সভাত পৰ্যালোচনা কৰা হয়। নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ সম্পৰ্কে সাধাৰণ ৰাইজে ১৯৫০ ট’লফ্ৰী নম্বৰ আৰু cVIGIL এপৰ জৰিয়তেও জিলা প্ৰশাসনক অৱগত কৰিব পাৰে।  জিলা আয়ুক্তগৰাকীয়ে জনসাধাৰণৰ মাজত এই বিষয়ক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে, ৪ নং দৰং – ওদালগুৰি লোকসভা সমষ্টিৰ  বাবে ইতিমধ্যে নিৰ্বাচনৰ জাননী জাৰি কৰা হৈছে। সেই অনুসৰি  দৰং – ওদালগুৰি সংসদীয় সমষ্টিৰ বাবে অহা ৪ এপ্ৰিললৈকে প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব।অহা ৫ এপ্ৰিলত মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰা হব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে অহা ৮ এপ্ৰিল। সমষ্টিটোৰ বাবে অহা ২৬ এপ্ৰিলত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। উক্ত সভাত জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, অতিৰিক্ত আয়ুক্ত মানস কুমাৰ শইকীয়া, উপাসনা দত্ত,  নিৰ্বাচনী বিষয়া দেবাশীষ বৰঠাকুৰো উপস্থিত থাকে।