দৰঙত জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা পৰ্যালোচনা সমিতিৰ সভা

দৰঙত জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা পৰ্যালোচনা সমিতিৰ সভা

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত ২৮ জুনত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত জিলা পৰ্যালোচনা সমিতিৰ ( ডিষ্ট্ৰিক্ট কনছালটেটিভ কমিটি) সভা অনুষ্ঠিত হয়। সভাত দৰঙৰ অগ্ৰণী বেংক কাৰ্যালয়ে প্ৰস্তুত কৰা বাৰ্ষিক ঋণ পৰিকল্পনা, ২০২৪-২৫ উন্মোচন কৰা হয়। সভাত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে জনসাধাৰণৰ সামূহিক কল্যাণ তথা সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰে প্ৰধানমন্ত্ৰীৰ জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰীৰ সুৰক্ষা বীমা যোজনা, অটল পেঞ্চন যোজনা, প্ৰধানমন্ত্ৰীৰ জন-ধন যোজনা আদি আঁচনি গ্ৰহণ কৰিছে। সেইদৰে প্ৰধানমন্ত্ৰীৰ নিয়োগ নিশ্চিত কৰণ আঁচনি (পি এম ই জি পি), পি এম এফ এম ই, কৃষি আন্তঃগাথঁনি পুঁজি আদি বিভিন্ন আঁচনিৰ লগতে পশুপালন, মীনপালন, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ ক্ষেত্ৰৰ বাবে বিভিন্ন ঋণ প্ৰদানৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এই সকলো ক্ষেত্ৰতে বেংকে বিধি অনুসৰি ঋণ প্ৰদান কৰিলে জিলাখনৰ সংশ্লিষ্ট ক্ষেত্ৰসমূহে ইপ্সিত উন্নয়ন লাভ কৰিব। এইক্ষেত্ৰত দায়বদ্ধতাৰে কাম কৰিবলৈ তেওঁ বেংকসমূহৰ প্ৰতি আহ্বান জনায়। সভাত দৰঙৰ অগ্ৰণী বেংক প্ৰবন্ধক কিশোৰী ৰামৰ উপস্থিতিত বিভিন্ন বেংকসমূহে উল্লেখিত আঁচনিসমূহ ৰূপায়নৰ ক্ষেত্ৰত লাভ কৰা বিত্তীয় অগ্ৰগতিৰ সূচ্যাংকৰ বিষয়ে পৰ্যালোচনা কৰা হয়। সভাত নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰৱন্ধক গৌৰৱ ভট্টাচাৰ্যই ২০২৪-২৫ বৰ্ষৰ বাবে প’টেনচিয়েল লিংক ক্ৰেডিট প্লেন(পি এল এ) উন্মোচনৰ সৈতে সংগতি ৰাখি জিলাখনত ঋণৰ স্ৰোতৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়। উল্লেখ্য যে সভাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিনিধি ,জিলাখনত থকা বিভিন্ন বেংক তথা বিত্তীয় প্ৰতিষ্ঠানৰ শাখাসমূহৰ প্ৰতিনিধি বিষয়াৰ লগতে কৃষি, পশুপালন, মীনপালন, উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, আৰছেটি দৰং আদি ভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে।