দৰঙত আজিলৈকে ৪৬ স্থানত অসম সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী
মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যখনৰ আন জিলাসমূহৰ লগতে দৰং জিলাতো অসম সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচী অব্যাহত আছে। জিলাখনত যোৱা ১০ নৱেম্বৰৰ পৰা সাংস্কৃতিক মহাসংগ্ৰাম চলি আছে। জিলাখনত মুঠ ৯১ জন বিচাৰক আৰু ৩৬ জন বাদ্যযন্ত্ৰীৰ সহযোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । দৰং জিলাত আজিলৈকে মুঠ ৪৪ খন গাঁও পঞ্চায়ত আৰু দুখন পৌৰসভাত সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী অনুষ্ঠিত হৈছে। দৰং জিলাত আজিলৈকে অংশগ্রহণ কৰা প্ৰতিযোগীৰ সংখ্যা হৈছে ৩১৩০ গৰাকী। এই অনুষ্ঠানসমূহত অংশগ্ৰহণকাৰীসকলৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া, অঞ্চলটোৰ বিশিষ্ট নাগৰিক , সংস্কৃতিপ্ৰেমী ব্যক্তি, সাংস্কৃতিক কৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে। অহা ১৮ নৱেম্বৰত খাৰুপেটীয়া পৌৰসভা আৰু অহা ২৩ নৱেম্বৰৰ ভিতৰত বাকী পঞ্চায়ত সমূহত সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। উল্লেখ্য যে অসম সাংস্কৃতিক মহাসংগ্ৰামত অংশৰূপে জ্যোতিসংগীত, ৰবীন্দ্ৰ সংগীত, বিষ্ণু ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, বিহু নৃত্য (দলীয়), অসমৰ লোক নৃত্য (দলীয়) প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতা ১২-১৮ বছৰ, ১৯-২৪ বছৰ, ২৫-৩৫ বছৰ এই তিনিটা শাখাত অনুষ্ঠিত হৈছে । গাঁও পঞ্চায়ত / ৱাৰ্ড/ভিচিডিচি/এম এ চি পৰ্যায়ৰ পৰা ক্ৰমে বিধানসভা, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ ২০২৪ চনৰ ৭ ফেব্ৰুৱাৰীত এই মহাসংগ্ৰামৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।