দৰং জিলাৰ ৪৫,১৮৩ গৰাকী যোগ্য হিতাধিকাৰীলৈ কৃষক সন্মান নিধিৰ ১৪ নং কিস্তিৰ ধন

দৰং জিলাৰ ৪৫,১৮৩ গৰাকী যোগ্য হিতাধিকাৰীলৈ কৃষক সন্মান নিধিৰ ১৪ নং কিস্তিৰ ধন

মঙ্গলদৈ,কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা- আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে “লাইভ ৱেৱকাষ্ট” ৰ জৰিয়তে বিতৰণ কৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ১৪ নং কিস্তিৰ ধন দৰং জিলাৰ ৪৫,১৮৩ গৰাকী হিতাধিকাৰীয়ে নিজৰ নিজৰ একাউণ্টত প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ পদ্ধতিৰে লাভ কৰিব বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি দেশৰ বিভিন্ন প্ৰান্তৰ লেখীয়াকৈ দৰং জিলা কৃষি বিভাগৰ উদ্যোগত জিলা কৃষি বিষয়াৰ কাৰ্যালয়, মঙলদৈস্থিত জ্ঞান কেন্দ্ৰৰ প্ৰাংগন, পাথৰিঘাট মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়, কল্যাণ গাঁও পঞ্চায়তৰ কাৰ্যালয়, ৫ নং বুঢ়াঝাৰ, ফকিৰপাৰা , শ্বেৰপুৰ , জলজলী, বান্দিয়া, ৰামহৰি , ঔতলা, দেওমৰনৈ, গৰুখুঁটি, দুনী গাঁও পঞ্চায়তৰ কাৰ্যালয়, ছিপাঝাৰ আৰু দলগাওঁ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়কে ধৰি ১৬ টা স্থানত প্ৰধানমন্ত্ৰীৰ ‘লাইভ ৱেৱকাষ্ট’ ৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। প্ৰায় পাঁচ শতাধিক কৃষক ৰাইজে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে । আনহাতে জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ত অনুষ্ঠিত “লাইভ ৱেৱকাষ্ট” অনুষ্ঠানত জিলা কৃষি বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰ , মঙলদৈ মহকুমা কৃষি বিষয়া দিবাকৰ ডেকা, মহকুমা কৃষি বিষয়া (উদ্যান শস্য)ড° মনোৰঞ্জন শৰ্মাকে ধৰি বিভাগটোৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।