দৰং জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

দৰং জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দৰং জিলাৰ বানক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে। জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি মন্ত্ৰী গৰাকীয়ে আঠীয়াবাৰীত উপস্থিত হৈ শাকতোলা নদীৰ বাঢ়নী পানীয়ে ছিঙা মথাউৰি পৰিদৰ্শন কৰে। এই ছিগা অংশত ক্ষিপ্ৰ গতিৰে চলি থকা মেৰামতিৰ কাম প্ৰত্যক্ষ কৰি মন্ত্ৰী হাজৰীকাই কয় যে শীঘ্ৰেই এই মেৰামতিৰ কাম সম্পূৰ্ণ হ’ব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলতে বাৰিষা কালত মথাউৰি ছিগাৰ সংখ্যা যথেষ্ট হ্ৰাস পালে। এতিয়া মথাউৰি ছিগিলেও অতি কম দিনৰ ভিতৰতে ছিগা অংশ জৰুৰীকালীন পদক্ষেপ গ্ৰহণ কৰি মেৰামতি কৰা হয়। শাকতোলাই ছিগা এই মথাউৰি অত্যন্ত ক্ষিপ্ৰতাৰে মেৰামতি কৰা হৈছে আৰু শীঘ্ৰে সম্পূৰ্ণ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে লগতে কয়। আজি এই মথাউৰি পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীৰ সৈতে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে আৰু জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

ইয়াৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে দৰং জিলাৰ কাহিতলী অঞ্চলত দিমীলা নৈৰ বানৰ ফলত ছিগা জলসিঞ্চন বিভাগৰ ৰিং বান্ধটো পৰিদৰ্শন কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে জলসিঞ্চন বিভাগে নিৰ্মাণ কৰা এই কৃষি বান্ধটোৰ ছিগা অংশ কাইলৈৰ পৰা জৰুৰীকালীন পদক্ষেপ গ্ৰহণ কৰি মেৰামতি কৰা হ’ব। এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ দিলীপ শইকীয়া, বিধায়ক ড° পৰমানন্দ ৰাজবংশী, বিধায়ক দিগন্ত কলিতা আৰু জলসম্পদ বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল। উল্লেখ্য যে দৰং জিলা ভ্ৰমণ কালত মন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ সৈতে আলাপ কৰে আৰু তেওঁলোকৰ ক্ষয়-ক্ষতিৰ বুজ লয়।