দৰং জিলাতো অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ

দৰং জিলাতো অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ আন ঠাইৰ লগতে দৰং জিলাতো অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় ৩.০ ৰ শুভাৰম্ভণি কৰা হয়। এই উপলক্ষে মঙলদৈৰ গান্ধী ময়দানত অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি মঙলদৈৰ সমষ্টিৰ বিধায়ক বসন্ত দাসে কয় যে অৰুণোদয় এখন সৰ্ববৃহৎ আঁচনি। তেওঁ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।বিধায়কগৰাকীয়ে যোগ্য হিতাধিকাৰীসকলে যাতে এই সুবিধা লাভ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে যিহেতু অৰুণোদয় আঁচনিৰ সুবিধা পাবলৈ হ’লে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক সেয়ে যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক ৰেচন কাৰ্ডৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰি জমা দিবলৈ কয়। অনুষ্ঠানত অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষা নিলীমা দেৱী আৰু বিশিষ্ট সমাজকৰ্মী অমৰেন্দ্ৰ শৰ্মায়ো ভাষণ প্ৰদান কৰে। উক্ত শুভাৰম্ভণি অনুষ্ঠানত মঙলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী,খাৰুপেটীয়া পৌৰসভাৰ পৌৰপতি কৃষ্ণা সাহা,মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, প্ৰশাসনৰ বিষয়াসকল, বিশিষ্ট ব্যক্তিসকল আৰু যথেষ্ঠ সংখ্যক মহিলা তথা ৰাইজ উপস্থিত থাকে। আনহাতে ছিপাঝাৰৰ ঘোৰাবন্ধা দৌলখলাত অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী। তেওঁ আঁচনিখন স্বচ্ছতাৰে যাতে ৰূপায়ণ হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও দলগাঁৱৰ টাউন খেলপথাৰত অৰুণোদয় ৩.o আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে কয় যে এই আঁচনিৰ জৰিয়তে দুখীয়া হিতাধিকাৰীসকল উপকৃত হ’ব । অনুষ্ঠানত অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে কয় যে অৰুণোদয় আঁচনিয়ে মহিলাসকলক সবলীকৰণ কৰিব। এই অনুষ্ঠানসমূহত দিছপুৰত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি শুভাৰম্ভ কৰা অনুষ্ঠান আৰু তেখেতৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয়।