দ্ৰৌপাদি মুৰ্মুক Z+ নিৰাপত্তা প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- এন ডি এয়ে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপাদি মুৰ্মুক তেওঁলোকৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছত, কেন্দ্ৰই সশস্ত্ৰ কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ দ্বাৰা তেওঁৰ বাবে ২৪ ঘণ্টা Z+ নিৰাপত্তা প্ৰদান কৰিছে।এক প্ৰতিবেদন অনুসৰি বুধবাৰে পুৱা৬৪ বছৰীয়া মুৰ্মুৰ নিৰাপত্তাৰ দায়িত্ব সশস্ত্ৰ দলটোৱে গ্ৰহণ কৰে। নিৰ্বাচিত হ’লে, মুৰ্মু হ’ব ভাৰতৰ প্ৰথম জনজাতীয় ৰাষ্ট্ৰপতি।