দ্ৰৌপাদিজীয়ে এখন নতুন ভাৰতক প্ৰতিনিধিত্ব কৰিব: মেঘালয়ৰ মুখ্যমন্ত্ৰী

Pc EastMojo

দ্ৰৌপাদিজীয়ে এখন নতুন ভাৰতক প্ৰতিনিধিত্ব কৰিব: মেঘালয়ৰ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপাডি মুৰ্মুক সমৰ্থন আগবঢ়াই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে তেওঁ এখন নতুন ভাৰতক প্ৰতিনিধিত্ব কৰিব। “তেওঁ প্ৰতিজন জনজাতীয়, প্ৰতিগৰাকী ছোৱালী আৰু প্ৰতিগৰাকী মহিলাৰ বাবে আশাৰ প্ৰতিনিধিত্ব কৰিব আৰু ভাৰতৰ সৰু সৰু সম্প্ৰদায়ৰ আশা-আকাংক্ষা নিজৰ লগত লৈ কঢ়িয়াই নিব,” চাংমাই টুইট কৰে। মেঘালয় ভ্ৰমণ কৰা দ্ৰৌপাদি মুৰ্মুৱে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আইন প্ৰণেতাসকলৰ সমৰ্থন বিচাৰিছিল।