দ্যা নোৱাচ আৰ্ক – নাজবিন চুলতানা

PC - The Fact Site
দ্যা নোৱাচ আৰ্ক
নাজবিন চুলতানা, বকতা
খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ পৱিত্ৰ ধৰ্মপুথি বাইবেলত উল্লেখিত এক আশ্চৰ্যকৰ ঘটনা নুহৰ জাহাজ । এই ঘটনা প্ৰায় ৪,৫০০ বছৰৰ পুৰণা । এই ঘটনাৰ উৎপত্তিৰ সন্দৰ্ভত বাইবেলত ৬ অধ্যায়ৰ পৰা ৯ অধ্যায়লৈকে বৰ্ণনা আছে।বাইবেলতো উল্লেখ থকা নুহৰ জাহাজ নিৰ্মাণ ঘটনা পৃথিৱীৰ এক অন্যতম আজৱ ঘটনা হিচাপে পৰিগণিত ।বাইবেলত উল্লেখ আছে যে সেইসময়ছোৱাত বা সেই যুগত মানুহে ধৰ্মৰ ওপৰত আস্থা নাৰাখি অধৰ্মতাৰে সৃষ্টি হোৱা অত্যাচাৰী জন্তুৰূপী আচৰণত অতিষ্ঠ হৈ ইহুদী পৰমেশ্বৰে তেওঁলোকক বিনাশ কৰাৰ বাহিৰে একো পথ বিচাৰি নাপালে।সেইযুগত সকলো লোক দুষ্টাচাৰী আৰু নাস্তিক আছিল । তেতিয়া ইহুদী পৰমেশ্বৰে সিদ্ধান্ত ল’লে যে সকলো প্ৰাণীকে জলপ্ৰৱাহৰ দ্বাৰা বিনাশ কৰা হওক । কিন্তু সেইযুগত এজন পৰিয়ালৰে সৈতে ধাৰ্মিক লোক আছিল।ইহুদী পৰমেশ্বৰক মানি চলা , তেওঁক বিশ্বাস কৰা , তেওঁ দেখুওৱা পথত অগ্ৰসৰ হোৱা এটা আস্তিক পৰিয়াল । তেওঁৰ নাম হৈছে “নুহ”।নুহৰ শ্বেম, হাম, জেফেথ নামেৰে তিনিজন পুত্ৰ , তিনিগৰাকী বোৱাৰী আৰু তেওঁৰ পত্নীৰে সৈতে ৮ জনীয়া এটা পৰিয়াল।সেইবাবে ইহুদী পৰমেশ্বৰৰ দৃষ্টি মাত্ৰ নুহৰ ওপৰত নুহৰ পৰিয়ালটোৰ ওপৰতহে আছিল।ইহুদী পৰমেশ্বৰে অধাৰ্মিক লোকসকলৰ লগতে নুহৰ পৰিয়ালটোক নাশ কৰাটো বিচৰা নাছিল।যাৰ বাবে ইহুদী পৰমেশ্বৰে নুহক জীৱন ৰক্ষা পৰিবৰ বাবে এখন জাহাজ নিৰ্মাণৰ আদেশ দিছিল।জাহাজখন এনেদৰে প্ৰস্তুত কৰিব ক’লে “যে জাহাজৰ উচ্চতা ৩০ হাত, দীঘল ৩০০ হাত, বহল ৫০ হাত।জাহাজখনৰ সন্মুখন এখন দুৱাৰ , মাজত এখন খিৰিকী দিব কৈছিল, সেই খিৰিকীৰ এহাত ওপৰত এখন ছাদ প্ৰস্তুত কৰিব কৈছিল।তিনিটা মহলাৰে জাহাজখন মেটেলচৰ ধাতুৰে নিৰ্মিত এখন পানীমুক্ত জাহাজ।যাৰ দ্বাৰা নুহ আৰু তেওঁৰ পৰিয়াল ৰক্ষা পৰিছিল।ইহুদী পৰমেশ্বৰৰ আজ্ঞা মতে নুহে তেওঁৰ পৰিয়ালৰ উপৰি জীৱ-জন্তুৰ শুদ্ধ-অশুদ্ধ দুই জাতিৰ পুং আৰু স্ত্ৰীৰ দুটাকৈ প্ৰাণ জাহাজত তুলি ৰক্ষা কৰিব দিছিল।যি দিনাৰ পৰা নুহ আৰু তেওঁৰ পৰিয়াল জাহাজত প্ৰৱেশ কৰিছিল তেতিয়া ইহুদী পৰমেশ্বৰে বৰষুণৰ প্ৰলয় সূচনা কৰিছিল । পৃথিৱী ৪০ দিন-ৰাতি সমানে ধাৰাষাৰ বৰষুণত পানীৰে একাকাৰ হৈ পৰিছিল।বৰষুণৰ বৃদ্ধিৰ ফলত পৃথিৱীৰ সকলো বস্তু ডুবিব ধৰিলে।পৃথিৱীৰ সকলোতকৈ ওখ পৰ্বত, হিমালয় পৰ্বতৰ “মাউণ্ট এভাৰেষ্ট” যাৰ উচ্চতা ৮৮৪ মিটাৰ।এই মাউণ্ট এভাৰেষ্টতকৈ ১৫ ফুটতকৈ অত্যধিক অংশ পানীৰে উপচি পৰিছিল।কিন্তু উপঙি আছিল একমাত্ৰ নুহৰ জাহাজখন । বাইবেলৰ বচনত উল্লেখ আছে যে সেইসময়ৰ পৃথিৱীৰ ৪০ দিন আৰু ৪০ ৰাতি পানীৰে উপচি পৰা ১৫০ দিন অতিক্ৰম কৰাৰ পাছত পৃথিৱীৰ পৰা পানী কমিব ধৰিছিল আৰু নুহৰ জাহাজখন “আৰাৰত” নামৰ এখন পাহাৰত ৰৈ গৈছিল । সেই জলপ্ৰলয়ে পৃথিৱীৰ সকলো অধৰ্মীলোকক বিনাশ কৰিলে । মানুহৰ পাপৰ পৰিণাম হিচাপে আন আন জীৱ-জন্তু আৰু পৃথিৱীৰ আধা অংশই শাস্তি ভুগিব লগা হ’ল।নুহ আৰু তেওঁৰ পৰিয়ালৰ দ্বাৰা ইহুদী পৰমেশ্বৰে পুনঃ সৃষ্টিৰ আৰম্ভ কৰিছিল আৰু তেওঁলোকক আশীৰ্বাদ দিছিল । নুহৰ এই ঘটনা বাইবেলৰ অনেক ঘটনাৰ সমান্তৰালকৈ বহুলোকৰ আলোচনাৰ কাৰণ হিচাপে ৰৈ গৈছিল । সেইযুগৰ হোৱা একেৰাহে হোৱা ৪০ দিন-ৰাতিৰ বৰষুণৰ প্ৰলয়ক আজিৰ মানুহে বিশ্বাস নকৰে । বহুতো বৈজ্ঞানিক আৰু নাস্তিক লোক বাইবেলক ভুল বুলি প্ৰমাণিত কৰিবলৈ চেষ্টা চলাই কিন্তু পৃথিৱীৰ অনুসন্ধান চক্ৰত উদ্ধাৰিত মাটিৰ সৈতে লিপ্ত হোৱা অৱশিষ্টৰ কিছু ভগ্নাৱশেষ পোৱা গৈছিল । সেইসমূহ নিৰীক্ষণ কৰি সেইসমূহ অৱশিষ্ট প্ৰায় ৪৫০০ বছৰৰ পুৰণা বুলি চিহ্নিত কৰিছে । তদুপৰি উল্লেখযোগ্য যে বহুতো তথ্য উদঘাটনৰ বিজ্ঞানীৰ ভিতৰত বিশেষকৈ ৰণ ৱাট্‌ (Ron wyatt) আছিল এই ঘটনাৰ সন্ধানত তথ্যসহকাৰে প্ৰমাণ দিয়াত এজন সফল বৈজ্ঞানিক । তুৰ্কীদেশত অৱস্থিত আৰাৰত পাহাৰ ৱেষ্টাৰ্ন পক্ষত ১৯০৭ চনত ৰণ ৱাটৰ সন্ধানত জাহাজৰ আকাৰত ৫০০ ফুট ৰ মাটি দেখা গৈছিল । মেটেলচ্‌ ডিটেক্টৰৰ সহায়ত অনুমান কৰিছিল যে বছৰৰ পুৰণা হোৱাৰ বাবে এই মাটিৰ ৰূপ সলনি হৈছিল । ৰণ ৱাটে তুৰ্কীসকলৰ গৱৰ্ণৰৰ অনুমতি লৈ সেইঠাইডোখৰ সন্ধান চলালে । তেওঁ সেই মাটিৰ নমুনা লৈ মেটেল কণ্টেইণ্ট থকা বুলি প্ৰমাণ পালে।বাইবেলত থকা নুহৰ জাহাজৰ আকাৰ-আয়তন অনুসৰি নুহৰ জাহাজ স্থিত ঠাইৰ নমুনাত একেই আকাৰ পালে।তুৰ্কীৰ গৱৰ্ণই ৰণ ৱাটৰ এই কৰ্মত সমৰ্থন জনালে।ৰণ ৱাটে প্ৰকাশ কৰিছে যে ইহুদী পৰমেশ্বৰে সেই ঠাইডোখৰ চম্ভালি নোলোৱাহেঁতেন সেই ঠাইত জাহাজখনো নাথাকিলহেঁতেন কিয়নো আৰাৰত পাহাৰ আছিল এক জ্বলামুখী পাহাৰ । যাৰ বাবে সেই জাহাজো ধ্বংস হ’লহেঁতেন।ইয়াৰ জৰিয়তে এয়াই প্ৰমাণ হ’ল যে বাইবেলত কোৱা প্ৰতিটো কথাই সঁচা আছিল । কিন্তু আজিৰ সময়ৰ লোকৰ বিশ্বাসৰ বাবে ইহুদী পৰমেশ্বৰে নুহৰ জাহাজৰ দ্বাৰা বাইবেল অধ্যায় ২৪ ৰ ৩৭-৩৯ ত উল্লেখ কৰি এক সংকেট দিছে যে যিদৰে নুহৰ দিন আছিল সেই দিনৰ দৰে মানুহৰ পুত্ৰও আহিব লাগিব । কাৰণ যিদৰে জলপ্ৰপাতৰ প্ৰথম দিনৰ পৰা নুহৰ জাহাজত উঠাৰলৈকে মানুহে খোৱা-বোৱা, বিবাহ আদি কৰিছিল আৰু জলপ্ৰপাতে সকলো উটুৱাই নিয়াৰ সময়ৰলৈকে কোনো একো গম পোৱা নাছিল।