দ্বিসংখ্যক পৃথিৱী আৰু এডাল পাকলগা সূতা
পৃথিৱী— ১
প্ৰেম আৰু গোলাপ
অন্তৰতম অধৰত ঢৌ তোলা মালকোশ ৰাগ।
ঠেওকালিৰ ঠেঙুলি কটা মানুহৰ পৰিচয়পত্ৰ,
বুকুৰ সংবাদে ভিৰ কৰা নিভঁজুৱা ৰাজপথ।
মনৰ উচ্চতাৰ চামিয়ানাৰ তলিত ৰেডিঅ’ বাজে
“মানুহে মানুহৰ বাবে…”
পৃথিৱী— ২
অপ্ৰেমৰ নিগনি দৌৰ
ঠেৰু-ছিগা গোলাপৰ তেজবমি
যৌৱনক ভুকুৱাই মৰা যৱনিকাৰ ঠেলিয়া-ঠেলি।
ভীৰুৰ খঁকত নষ্ট হয় সোণপাহীৰ চহৰ,
পোহৰৰ কেঁকনিত নুপুৱায় প্ৰহৰ।
পোহৰ ঢুকায়।
বিলাস-কক্ষৰ খিৰিকিয়েদি এখন সাঙী খহি পৰে
কক্ষটো অমানুহৰ।
সাঙীখনৰ নাম কি থ’ম —
সভ্যতা?
নে
ভৱিষ্যত?
এডাল পাকলগা সূতাৰ কাহিনী—
অমানুহৰ জঁটীয়া কিটিপত পাকলগা সূতা
কোন সতে বহন কৰিব পাৰিব হৃদয়-যঁতৰে?
ভিৰ ফালি ধাৰণ কৰিব পৰা
‘ব্যভিচাৰবাদ’ৰ ব্যৱচ্ছেদ কৰিব পৰা
এখন
উৎসাহন হৃদয়ৰ আদৰণ হ’ব লাগিব।
পাকলগা সূতাত গঢ়িব লাগিব
আউল ভঙাৰ ইতিহাস।
অন্তৰীপ কাকতি
ছাত্র, জগন্নাথ বৰুৱা মহাবিদ্যালয়