দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ পৰীক্ষা সম্পন্ন ৩ জনৰ মনোনয়ন বাতিল
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৫ টা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হয়৷ নগাঁও লোকসভা সমষ্টিৰ দুজন আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ এজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়৷ পৰীক্ষাৰ অন্তত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ বৈধ বিবেচিত প্ৰাৰ্থীৰ সংখ্যা হৈছে ৬২ গৰাকী। দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ৮ এপ্ৰিল৷