দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ হাতত ২ উইকেটত পৰাস্ত ভাৰত
ৰঙিলী বাৰ্ত্তাসেৱা- অষ্ট্ৰেলিয়াৰ এডিলেইডত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত পৰাস্ত হৈছে ভাৰত।মেথিউ শ্বৰ্ট আৰু কুপাৰ কনোলীৰ শক্তিশালী প্ৰদৰ্শনৰ জৰিয়তে অষ্ট্ৰেলিয়াই ভাৰতক ২ উইকেটত পৰাস্ত কৰিছে। এই জয়ৰ জৰিয়তে অষ্ট্ৰেলিয়াই তিনিখন খেলৰ চিৰিজত ২-০ত আগবাঢ়ি আছে। ভাৰত প্ৰথমে বেট কৰি ৫০ অভাৰত ৯ উইকেটত ২৬৪ ৰান কৰিছিল। তাৰ উত্তৰ হিচাপে কেংগাৰু বাহিনীয়ে ২২টা বল বাকী থাকোঁতে ৮ উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে। উল্লেখ্য যে ১৭ বছৰৰ পাছত এডিলেইডত ভাৰতীয় দল এদিনীয়া খেলত পৰাস্ত হৈছে। অধিনায়ক হিচাপে শুভমন গিলে নিজৰ প্ৰথম ছিৰিজ হেৰুৱালে। ভাৰতীয় বলাৰসকলে ২৬৪ ৰান ৰক্ষা কৰিবলৈ বিফল হৈছে। ২৬৫ ৰানৰ লক্ষ্যৰ পিছ লৈ খেলা অষ্ট্ৰেলিয়ান দলৰ আৰম্ভণি ভাল হোৱা নাছিল। অধিনায়ক মিচেল মার্শ্ব ১১ ৰানত আৰু ট্রেভিছ হেড ২৮ ৰানত আউট হৈছিল। অভিজ্ঞতাহীন মিডল অর্ডাৰ লক্ষ্যৰ দিশত ভাৰতীয় বলাৰসকলে অষ্ট্ৰেলিয়ান বেটছমেনক ৰোধ কৰিব পাৰিব বুলি ভাবিছিল, কিন্তু তৃতীয় নম্বৰত থকা মেট শ্বর্টে প্রথমে মেট ৰেনস্ব’ৰ সৈতে তৃতীয় উইকেটৰ বাবে ১৫৫ ৰানৰ যুটি বান্ধি দলক বিপদৰ পৰা মুক্ত কৰিলে। ৰেনশ্ব’ আউট হোৱাৰ পিছত এলেক্স কেৰীয়ে মাত্র ৯ ৰানত পেভেলিয়নলৈ উভতি গৈছিল। কেংগাৰু বাহিনীৰ ৪ উইকেটত ১৩২ ৰান হৈছিল। কিন্তু কুপাৰ কনোলীয়ে ভাৰতীয় দলৰ মনৰ আশা ভঙি দিলে। শ্বর্টে ৭৮ বলত ৪ চাৰি আৰু ২ ছিক্সাৰৰ সহায়ত ৭৪ ৰান কৰি আউট হৈছিল। ভাৰতীয় দলৰ হৈ ৰোহিত শৰ্মাই ৭৩ ৰান সংগ্ৰহ কৰে। অৱশ্যে আনগৰাকী অ’পেনাৰ তথা অধিনায়ক গিলে মাত্ৰ ৯ ৰান কৰিয়েই বিদায় মাগে। একেদৰে দ্বিতীয় উইকেটত বিৰাট কোহলিয়ে কোনো ৰান নকৰাকৈ পেভিলিয়নলৈ উভতি যায়। সুদীৰ্ঘ দিনৰ অন্তত প্ৰত্যাৱৰ্তন কৰা বিৰাট কোহলিয়ে পুনৰ অনুৰাগীক নিৰাশ কৰে। দলৰ এনে বিপৰ্যয়ৰ সময়ত শ্ৰেয়াছ আয়াৰৰ ৬১ আৰু অক্ষৰ পেটেলেৰ ৪৪ ৰানে দলৰ ইনিংছ আগুৱাই নিয়াত সহায় কৰে। ইফালে মেচৰ শেষৰ ফালে হৰ্ষিত ৰাণাই অপৰাজিত ২৪ ৰানৰ বৰঙণি যোগায়। আনহাতে ভাৰতে বান্ধি দিয়া বিজয় লক্ষ্য আগত ৰাখি ক্ৰিজত নমা অষ্ট্ৰেলিয়াই ৮টা উইকেটৰ ব্যৱধানত ২৬৫ ৰান সংগ্ৰহ কৰি বিজয়ী হয়।অষ্ট্ৰেলিয়াৰ হৈ জাম্পাই ৬০ ৰাণত ৪ টা উইকেট দখল কৰে । আনহাতে, বাৰ্টলেটে ৩৯ ৰাণৰ বিনিময়ত তিনিটা উইকেট দখল কৰে । ইয়াৰ উপৰি ষ্টাৰ্কে দুটা উইকেট দখল কৰে।