দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভৰ পাছতহে অনুষ্ঠিত হ’ব একাদশ শ্ৰেণীৰ পৰীক্ষা
ৰঙিলী বাৰ্ত্তাসেৱা- উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পাঠদান আৰম্ভ হোৱাৰ পাছতহে বাতিল হোৱা একাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব।অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ সচিবে জাৰি কৰা এখন জাননীত প্ৰকাশ কৰা অনুসৰি ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে ব’হাগ বিহুৰ বন্ধৰ পাছতে দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰিবলৈ সিদ্ধান্ত কৰা হৈছে। ২৪ তাৰিখে অনুষ্ঠিত হোৱা এখন বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি একাদশ শ্ৰেণীৰ ৰৈ যোৱা পৰিক্ষাসমূহৰ সূচী এনেধৰণে প্ৰস্তুত কৰা হ’ব যাতে আগ্রহী শিক্ষার্থীসকলে অহা ১৫ জুনৰ পৰা ই-মার্কশীটসমূহ ডাউনলোড কৰিব পাৰে। সেয়েহে বিদ্যালয়সমূহক পৰীক্ষাৰ্থীসকলৰ উত্তৰবহীসমূহ মূল্যায়ন কৰি ১৫ জুনৰ পূৰ্বে সংশ্লিষ্ট প’র্টেলত আপলোড কৰিবলৈ ব’র্ডে নির্দেশ দিছে। জাননীত সচিবে প্ৰকাশ কৰা মতে, একাদশ শ্ৰেণীৰ ৰৈ যোৱা পৰীক্ষাসমূহৰ সূচী সঠিক সময়ত প্রকাশ কৰা হ’ব। উল্লেখ্য যে ১৫খন বিদ্যালয়ত আগতীয়াকৈ একাদশ শ্ৰেণীৰ প্ৰশ্নকাকতৰ টোপোলা খুলি পেলোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছত ২৪ মাৰ্চৰ পৰা ২৯ মার্চলৈ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহ বাতিল কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছিল। ইতিমধ্যে শিক্ষা বিভাগৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে পঞ্চায়ত নিৰ্বাচনৰ সময়সূচীৰ ভিত্তিতহে বাতিল কৰা পৰীক্ষাসমূহৰ দিন নির্ধাৰণ কৰা হ’ব।

