দৌলোৎসৱ বা ফাকুৱাৰ তাৎপৰ্য – লখিমী শৰ্মা

দৌলোৎসৱ বা ফাকুৱাৰ তাৎপৰ্য
লখিমী শৰ্মা, যোৰহাট 
অসমৰ বৈকুণ্ঠপুৰী বৰদোৱাত গুৰুজনাই পোনপ্ৰথমে উদযাপন কৰিছিল অন্যতম বৈষ্ণৱ লোক – উৎসৱ ফাকুৱা । শ্ৰীমন্ত শংকৰ দেৱে প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰা কালত ভাৰতৰ বিভিন্ন বৈষ্ণৱ ধামত শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰকাশক জন্মাষ্টমী, ৰথযাত্ৰা, দৌলযাত্ৰা, ৰাসযাত্ৰা, ঝুলন যাত্ৰা আদি উৎসৱ সমূহ পালন কৰা দেখি আকৰ্ষিত হৈছিল আৰু অসমত হৰি ভক্তি প্ৰচাৰৰ লক্ষ্য আগত ৰাখি লোক সমাজক ইয়াৰ জৰিয়তে ভক্তিৰস আৰু আনন্দৰ সন্ধান দিবলৈ ধৰিলে । এইদৰেই গুৰুজনাই প্ৰথম তীৰ্থ ভ্ৰমণৰ পিছত অসমৰ জন্ম ঠাই বৰদোৱাত থলুৱা কলা – কৃষ্টিৰ ৰঙেৰে বোলাই উদযাপন কৰিলে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা বা দৌল উৎসৱ । সৰ্বভাৰতীয় ফল্গুৎসৱে গুৰুজনাৰ সময়ৰে পৰাই অসমৰ বৈষ্ণৱ সমাজত দৌল যাত্ৰা বা দৌল উৎসৱ হিচাপে পূজিত হ’বলৈ ধৰিলে । পূৰ্বৰে পৰা নিৰ্দিষ্ট নিয়ম – নীতি অনুযায়ী ফাগুন মাহৰ পূৰ্ণিমা বা কেতিয়াবা তিথি অনুযায়ী চ’ত মাহৰ পূৰ্ণিমাত পৰম্পৰাগত ভাৱে দৌল উৎসৱ পালন কৰি অহা হৈছে । পূৰ্ণিমাৰ আগদিনা সন্ধিয়াৰ পৰা ‘গন্ধ’ পালনৰ নিয়মেৰে বৰদোৱা সত্ৰত দৌল উৎসৱৰ আৰম্ভণি হয় । সত্ৰৰ ভকত সকলে গায়ন – বায়নেৰে পৰিৱেষ্টিত হৈ উৎসৱ মুখৰ পৰিৱেশত শ্ৰীকৃষ্ণক সুন্দৰ আসনত সজাই পৰাই খোল তালেৰে নাম – কীৰ্তন কৰি নিৰ্দিষ্ট গন্ধ ঘৰত লৈ যায় । গন্ধ ঘৰত গোসাঁইক সত্ৰীয়া নিয়ম নীতিৰে পূজা – অৰ্চনা কৰি তাৰ পৰা উলিয়াই আনি ঘৰটোত জুই জ্বলাই দিয়া হয় । জুইৰ চাৰিওফালে গোসাঁইক তিনিবাৰ ঘূৰাই আনি কীৰ্তন ঘৰৰ ওচৰতে অস্থায়ীভাৱে নিৰ্মাণ কৰা মণ্ডপত প্ৰতিষ্ঠা কৰি গছ, পাত, ফল, ফুল আদিৰে তৈয়াৰ কৰা গন্ধতেল গোসাঁইৰ মূৰত দিয়ে আৰু অধিবাস পালন কৰে । এনেদৰে গোসাঁইক গন্ধ ঘৰ আৰু গন্ধ তেলেৰে প্ৰতিষ্ঠা কৰা হয় বাবে বৰদোৱা দৌল উৎসৱৰ আৰম্ভণি পৰ্বটোক গন্ধ পৰ্ব বা গন্ধ পালন বুলি কোৱা হয় । গন্ধৰ পিছদিনা অৰ্থাৎ পূৰ্ণিমাৰ দিনা দুপৰীয়া ভকত – বৈষ্ণৱ আৰু গায়ন – বায়ন সকলে মনোমোহা ৰঙ্গ – অনুষ্ঠানৰ যোগেদি নৃত্য – গীত আদিৰে….
” ৰঙ্গে ফাকু খেলে চৈতন্য বনমালী ।
দুই হাতে ফাল্গুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰী ।। “
খোল, তাল, মৃদঙ্গ, শংখ, দবা, বৰকাঁহ আদিৰ মাংগলিক ধ্বনিৰে গোসাঁইৰ মূৰত ফাকু সিঁচি দিয়া হয় । লগে লগে বৰদোৱা বাসীৰ লগতে অসমীয়া ৰাইজৰ হিয়াৰ আপোন বুকুৰ কুটুম দৌল উৎসৱটি হৈ পৰে ভক্তি আৰু আনন্দৰ এক মধুৰ মিলনৰ লোক মহোৎসৱ ।
ফাকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হ’ল দৌল উৎসৱ । বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয় । বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌলোৎসৱৰ সূচনা কৰিছিল যদিও বৰপেটা ধামত ১৫১৮ শকত বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই প্ৰথমবাৰৰ বাবে ইয়াক প্ৰচলন কৰে । সেই দিনাৰ পৰা পৰম্পৰাগতভাৱে ইয়াক পালন কৰি অহা হৈছে । দেউল উৎসৱৰ এমাহমানৰ আগৰে পৰা ইয়াৰ প্ৰস্তুতি আৰম্ভ হয় । ধৰ্মীয় আচাৰ , ভক্তিৰস আৰু সমন্বয়ৰ উৎসৱ হিচাপে বৰপেটাৰ দেউল উৎসৱ চিহ্নিত হৈ আহিছে।জনবিশ্বাস মতে হিৰণ্য কশিপুৰৰ ভনীয়েক হোলীকাই ঈশ্বৰ ভক্ত প্ৰহ্লাদক কোলাত লৈ জুইত জাঁপ দিছিল।কাৰণ হ’ল জুইত যাতে প্ৰহ্লাদৰ মৃত্যু হয়।কিন্তু ঈশ্বৰ ভক্ত প্ৰহ্লাদৰ জুইত একো নহ’ল আৰু অপ সংস্কৃতিৰ প্ৰতীক হোলীকা জুইত ভষ্মীভূত হ’ল।এই কাৰণে অপশক্তিৰ বিলাক কৰি শুভশক্তিৰ বাবে হোলীকাক দাহন পৰম্পৰা আৰু জনবিশ্বাস প্ৰচলিত হৈ আছে।আন এক জনবিশ্বাস মতে কুৰুক্ষেত্ৰ যুদ্ধত শৰশয্যাত থকা ভীষ্মদেৱক ইচ্ছামৃত্যুৰ পিছত উক্ত দিনটোতে এই দাহন কাৰ্য সম্পন্ন কৰিছিল ।