দৈয়াংপৰীয়া শাখা সাহিত্য সভাৰ মধ্যৱৰ্তীকালীন অধিৱেশন সম্পন্ন
ৰূপাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- দৈয়াংপৰীয়া শাখা সাহিত্য সভাৰ নিজা কাৰ্যালয় মুক্তিনাথ শৰ্মা সোঁৱৰণী সাহিত্য ভৱনত দিনজোৰা কাৰ্য্যসূচীৰে শাখাৰ মধ্যৱৰ্তীকালীন অধিৱেশন অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণৰে আৰম্ভ হোৱা কাৰ্য্যসূচীৰ পিছত শাখাৰ সভাপতি দীপালী শৰ্ম্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক দুলাল চন্দ্ৰ দাসদেৱে,আদৰণি ভাষণ আগবঢ়ায় শাখাৰ সম্পাদক প্ৰশান্ত দত্তই। অনুষ্ঠানতে শাখাৰ ছমহীয়া পত্ৰিকা সুৱাগমণি উন্মোচন কৰে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জোৎস্না হিলৈদাৰী শইকীয়াই। অনুষ্ঠানত বৰপথাৰ শাখা সাহিত্য সভাৰ সভাপতি জ্যোতি বড়ো ,গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দিলীপ কুমাৰ শৰ্মা,শাখাৰ প্ৰতিষ্ঠাপক সভাপতি বুধিন ফুকন,দন্দেশ্বৰ বড়াকে প্ৰমুখ্য বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
