দৈনন্দিন জীৱন প্ৰণালীত শিশুৰ ওপৰত মোবাইল ফোনৰ প্ৰভাৱ আৰু অভিভাৱকৰ কৰণীয়
দলনিকুৰ গাওঁ
বৰ্তমান সময়ত শিশুৰ পৰা বৃদ্ধলৈ প্ৰতিগৰাকী লোকৰ মʼবাইল ফোনটো এক অপৰিহাৰ্য অংগ স্বৰূপ হৈ পৰিছে ।মোবাইল ফোনে সমাজৰ ধনী, মধ্যবিত্ত বা দুখীয়া সকলো শ্ৰেণীকে সামৰি লৈছে।এটা কথাত কবলৈ গলে বৰ্তমান যুগত ম’বাইল এনেকুৱা এটা যন্ত্ৰ হৈ পৰিছে যাৰ অবিহনে আমাৰ ক্ষন্তেক সময় থকাটো অসম্ভৱ হয় পৰিছে । কেৱল জ্যেষ্ঠ সকলৰ ক্ষেত্ৰতে নহয়, শিশুসকলৰ ক্ষেত্ৰতো ম’বাইলৰ প্ৰতি যি আসক্তি সেয়া দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ অভিভাৱক সকলেও নিজৰ শিশুটিক কান্দিলে শান্ত কৰাবলৈ বা খাদ্য খোৱাবৰ সময়ত হাতত ম’বাইল ফোনটো তুলি দিয়ে ৷ শিক্ষাৰ্থীৰ জীৱনত মোবাইলে বহু প্ৰভাৱ পেলাই । অধিক মোবাইল চলালে শিক্ষাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰে । অধিক মোবাইল চলালে শিক্ষাৰ্থী সকলে পঢ়াত মনোযোগ দিব নোৱাৰে। বহুত দেৰি মোবাইল চলোৱাৰ ফলত চকুৰ সমস্যা,মূৰৰ বিষ আদি সৃষ্টি হয় । আজিকালি মোবাইলত কিছুমান গেম উপলব্ধ হৈছে । সেইবোৰ গেম খেলি শিক্ষাৰ্থীৰ পঢ়া -শুনাত কিছু প্ৰভাৱ পৰা দেখা গৈছে । মোবাইল গেম খেলাৰ ফলত শিক্ষাৰ্থীয়ে সামাজিক কাম -কাজত অংশগ্ৰহণ একেবাৰে কম কৰা দেখা যায় । মোবাইল গেম খেলি বা মোবাইল বেছিকৈ ব্যৱহাৰ কৰাৰ ফলত শিক্ষাৰ্থীৰ আচাৰ – ব্যৱহাৰত প্ৰভাৱ পৰা দেখা গৈছে । মোবাইল ফোন বেছি ব্যৱহাৰ কৰাৰ ফলত শিক্ষাৰ্থীৰ স্মৃতিশক্তি কিছু হ্ৰাস হোৱা দেখা গৈছে । দিনটোৰ এটা নিৰ্দিষ্ট সময়ৰলৈকে মোবাইল ব্যৱহাৰ কৰিব লাগে । মোবাইল ব্যৱহাৰৰ সময়ত অভিভাৱকে সজাগ কৰি দিব লাগে । প্ৰত্যেক বস্তু ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে । আমি যদি মোবাইলটো ভালদৰে শুদ্ধ ভাৱনাৰে ব্যৱহাৰ কৰো তেন্তে মোবাইলৰ পৰা বহুত উপকৃত হ’ব পাৰো আৰু যদি চেতনা বিহীন হৈ মোবাইলৰ লগত নিজেও মোবাইল হৈ যাও তেন্তে এই মোবাইলয়ে মানুহৰ চেকেণ্ডত মৃত্যুও ঘটাব পাৰে। সেয়েহে সকলোৱে সাৱধান হোৱা একান্ত বাঞ্চনীয় । আজিৰ সমাজত বহুত লৰা ছোৱালীয়ে বেয়া পথ অৱলম্বন কৰিছে একমাত্ৰ মোবাইলৰ বাবে । তাৰ মূলতে দোষী কিন্তু অভিভাৱক সকল । কাৰণ লৰা ছোৱালীয়ে যি খোজে মৰমতে পিতৃ মাতৃয়ে সেয়ে দিয়ে। কিছুমান অভিভাৱকে এবাৰো ভাবি নেচায় যে মোবাইলটোৰ পৰা সন্তানৰ কিমান ক্ষতি হ’ব পাৰে।
