দৈনন্দিন জীৱনত হোৱা ৰেগিং- শৈলেন কুমাৰ

দৈনন্দিন জীৱনত হোৱা ৰেগিং

সম্প্ৰতি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা সৰ্বাধিক চৰ্চাৰ বিষয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড ৷ সময়ে সময়ে এনে ঘটনা আমি প্ৰায়ে শুনিবলৈ পাওঁ ৷ ৰেগিংৰ আৰু নিৰ্যাতনৰ বলি হৈ ছাত্ৰ বা ছাত্ৰীৰ আত্মহত্যাৰ চেষ্টা,কিন্তু আমি জানোনে এইবোৰ ঘটনাৰ মূল কাৰণ ? সমাজৰ অত্যধিক হেঁচা আৰু মানসিক ছাপ,লজ্জা আৰু ভয় কিবা হেৰাই যোৱাৰ ৷ সমাজ আৰু ঘৰৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যৰ মান ৰাখিবলৈ গৈ আমি মৌন থাকি লাঞ্ছিত আৰু বাঞ্ছিত হব লগাত পৰে ৷ কিন্তু আমি পাহৰি যাওঁ আমাৰ যি উশাহনিশাহ চলি আছে সেয়া সমাজে দিয়া নহয়,পৰমেশ্বৰৰ কৃপা৷ আমি মূল কথাৰ পৰা আতৰি অহা দেখা যায় আৰু সমাজৰ তথাকথিত নীতিনিয়ম বোৰত আবদ্ধ হোৱা যায় ৷ বিৰোধিতা কৰিবলৈ এৰি আমি শোষিত হওঁ ৷ বিৰোধিতা কৰিলে আমাৰ ইচ্ছাৰ বিৰুদ্ধে কোনোৱে আমাক শোষণ কৰিব নোৱাৰে ৷ স্কুল আৰু কলেজৰ ৰেগিংৰ উপৰিও আমি দৈনন্দিন জীৱনত ৰেগিংৰ কবলত,সকলো দিশতে লুণ্ঠিত আমি ৷ যেতিয়া আমি সমাজৰ ৰীতিনীতি তথা মানসন্মান প্ৰতিষ্ঠাৰ হেৰুওৱাৰ ভয় মনত ঘৰ কৰি থাকিব তেতিয়ালৈকে আমাৰ বিৰোধ ভাৱ জাগ্ৰত নহব আৰু আমি ৰেগিং আৰু নিৰ্যাতনৰ বলি হৈ থাকিব লাগিব ৷

শৈলেন কুমাৰ
মিৰ্জা