দেৱাল ছবি
মৰমৰ অকণিহঁত, তোমালোক সকলোৱেই ছবি আঁকি ভাল পোৱা নহয়নে বাৰু! কোনোৱে আকৌ বেছি ভাল পায়, কোনোৱে অলপ কম ভাল পায় ।ছবি আঁকি কম ভাল পোৱা সকলে পঢ়ি আৰু লিখি বেছি ভাল পায় ।”মই আজিলৈকে একো ছবি অঁকা নাই ”এই কথাষাৰ কোনোবাই ক’ব পাৰিবনে বাৰু? নিশ্চয় নোৱাৰে । কাৰণ আমি লিখা পঢ়া আৰম্ভ কৰাৰ আগতেই আঁক বাঁক যে কৰিছিলো সেয়াই ছবি ।ছবি এখন আঁকি ৰং সনাৰ পাছত ছবি খনে আমাক খুব আকৰ্ষণ কৰে ,মানে ছবি খন চায়েই থাকিবলৈ মন যায় ।প্ৰথমে আমি ছবি অঁকা মেজখনতে থৈ চাঁও তাৰ পাছত অলপ দূৰৰ পৰা চাবলৈ মন যায় , তেতিয়া আমি হাতত ছবিখন লৈ যিমান দূৰলৈ হাত মেলিব পাঁৰো সিমান দূৰৈৰ পৰা চাঁও ।আৰু শেহত ছবিখন বেৰত ওলোমাই বা আওঁজাই থৈ দূৰলৈ গৈ হেপাঁহ পলুৱাই চাও ।কিয় চাওঁ বাৰু এনেকৈ?ছবি খনত থকা ৰং -ৰেখা -ছন্দ ই আমাৰ মনক অন্য এখন জগতলৈ লৈ যায় ।মনত এক ভাৱৰ সঞ্চাৰ হয় ,আনন্দ, অনুভুতিৰ উপলব্ধি জাগ্ৰত হৈ উঠে ।ছবিয়ে কথা ও কয় নহয়নে বাৰু! এখন ছবি চাই আমি যি অৰ্থ বুজি পাঁও সেয়াই হৈছে ছবিয়ে কোৱা কথা ।পৃথিৱীৰ আটাইতকৈ প্ৰাচীন কলাই হৈছে ছবি ।আদিম মানুহে মনৰ ভাব অনুভুতি প্ৰকাশ কৰিছিল চিত্ৰৰ সহায়ত ।তেওঁলোকে গুহাৰ বেৰত বিভিন্ন চিত্ৰ অংকণ কৰিছিল ।সময়ৰ অগ্ৰগতিৰ লগে লগে মানুহৰ চিন্তা -চেতনা, ৰুচিবোধ, সৌন্দৰ্য্যবোধ আদিৰ বিকাশে ছবিক সামাজিক পৰিৱৰ্তনৰ মাধ্যম বা আহিলাত পৰিণত কৰিলে ।
অসমত অতীজতে কাঠেৰে প্ৰস্তত কৰা ফলিত চিত্ৰ অংকণ কৰিছিল ।কাঠৰ ফলিত অংকণ কৰা চিত্ৰ ৰ বিষয়বস্তু ৰ দুটা ধাৰা দেখা গৈছিল ।এটা হ’ল ধৰ্মীয় অনুভুতিৰ অৰ্থাৎ ৰামায়ণ মহাভাৰত পুৰাণ আদিৰ কাহিনীৰ অংশ বিশেষৰ চিত্ৰ ।আনটো ভাগত খেল -ধেমালি,জীৱ-জন্তুৰ যুদ্ধ, চিকাৰ কৰা দৃশ্য বা প্ৰকৃতিৰ অংশ বিশেষ ।
আজি তোমালোকক ক’ব বিচৰা চিত্ৰখন হৈছে দেৱাল ছবি বা ষ্ট্ৰীট আৰ্ট ।ৰাজহুৱা স্থানত, জনবহুল অঞ্চলত ,ৰাজহুৱা প্ৰস্ৰাৱগাৰ,খেলপথাৰৰ চাৰিসীমাৰ দেৱাল, চৰকাৰী এলেকাৰ চাৰিসীমাৰ দেৱাল আদিত শিল্পীয়ে সুন্দৰ কৈ ৰঙীন ছবি আঁকি পথৰ কাষৰ সৌন্দৰ্য্য বৃদ্ধি কৰা আমাৰ চকুত পৰে নহয়নে বাৰু? সেই চিত্ৰ সমূহেই হৈছে দেৱাল ছবি বা ষ্ট্ৰীট আৰ্ট ।এই দেৱাল ছবি ক মৌনতাৰে কৰা আন্দোলন বুলিবই পাৰি ।কিয়নো ই সমাজ পৰিবৰ্তনত অৰ্থাৎ জনসাধাৰণক অন্ধবিশ্বাস ,কুসংস্কাৰ, পৰিৱেশ সুৰক্ষা আদিৰ প্ৰতি সজাগ আৰু সচেতন কৰি তুলিব পাৰে ।দেৱাল ছবি সমূহ এজন সাধাৰণ পথচাৰীৰ পৰা উচ্চ পৰ্যায়ৰ ব্যক্তি বা চিত্ৰপ্ৰেমীৰ চকুত পৰে ।মুকলি ভাবে দৰ্শন কৰিব পৰা এই ছবিয়ে জনসাধাৰণক বিষয়বস্তুৰ ওপৰত চিন্তা চৰ্চা কৰিবলৈ সুযোগ প্ৰদান কৰে ।উদাহৰণ স্বৰূপে মাদক দ্ৰব্য সেৱনৰ ভয়াবহ পৰিণতি ৰ চিত্ৰ, সেউজীয়া ধৰণী গঢ়ি তোলাৰ চিত্ৰ, বন্যপ্ৰাণী সুৰক্ষাৰ চিত্ৰ আদিয়ে জনমানসত চিন্তাৰ খোৰাক যোগায় ।দেৱাল ছবিৰ ৰং ৰেখা -ছাঁ- পোহৰে বাস্তৱ সত্যৰ সাৰ্থক ৰূপ, বাস্তৱ -সৌন্দৰ্য্য,অনুভুতি ,বিষয়বস্তুৰ ঐক্য আৰু অখণ্ডতাই ছবিখনৰ গৌৰৱ বৃদ্ধি কৰি সাৰ্থকতা লাভ কৰে ।এনে এখন ছবি মূল্য দি আৰ্ট গেলাৰী বা ছবি প্ৰদৰ্শনী এখন উপভোগ কৰিব নোৱাৰা চিত্ৰৰসিক এজনে বিনামূল্যে চাব পাৰে ।দেৱাল ছবিয়ে সমগ্ৰ অঞ্চলটোলৈও গৌৰৱ কঢ়িয়াই আনে ।এনে গৌৰব কঢ়িয়াই আনিছে গোলাঘাট জিলাৰ ডাকঘৰ আৰু বাচ আস্থানৰ সমীপৰ অৰ্থবহ মনোগ্ৰাহী দেৱাল ছবিয়ে ।
অতি দৰকাৰী কথাতো হ’ল ছবি অংকণে শিশুৰ পৰা আৰম্ভ কৰি সকলো বয়সৰ ব্যক্তিৰ মানসিক উৎকৰ্ষ সাধন, ব্যক্তিত্ব গঠন আদিত প্ৰভাৱ পেলায় ।ই আমাৰ ধৈৰ্য্য গুণ বৃদ্ধি কৰা ৰ লগতে সৌন্দৰ্য্য পিপাসু কৰি গঢ়ি তোলে ।সময়ৰ সদ ব্যৱহাৰ হৈ অৱসাদ দূৰ কৰে ।গতিকে আমি সকলোৱে ই ৰং তুলিকাৰে মনৰ অৱসাদ দূৰ কৰো আঁহা ।
বন্দিতা শৰ্মা কন্দলি । দেৰগাঁও ।